ৰাজ্যৰ বিশিষ্ট সাহিত্যক তথা জনপ্রিয় আলোচনী বিস্ময়ৰ প্ৰকাশক তথা প্ৰতিষ্ঠাপক সম্পাদক শশী ফুকনৰ কালি দেহাৱসান ঘটে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা সাহিত্যিকগৰাকীৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৭৮ বছৰ। বিশ্বনাথ চাৰিআলিত জন্মগ্ৰহণ কৰা প্ৰয়াত ফুকনে বিগত পাঁচটা দশক ধৰি বিস্ময় আলোচনীখনৰ জৰিয়তে অসমীয়া সাহিত্যলৈ প্ৰভূত বৰঙণি আগবঢ়াই থৈ গৈছে। ১৯৬৯ চনত আলোচনীখনৰ প্ৰথম প্ৰকাশৰ পিছত ফুকন পৰৱৰ্তী সময়ত ৰংঘৰ আৰু প্ৰিয় সখী নামৰ আলোচনী দুখনৰ সৈতেও জড়িত হৈ পৰিছিল।
সাহিত্যিকগৰাকীৰ মৃত্যুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যৰ বিভিন্ন দল-সংগঠন আৰু পঢ়ুৱৈ সমাজে শোক প্ৰকাশ কৰিছে। প্ৰয়াত ফুকনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে অসম প্ৰকাশন পৰিষদৰ সম্পাদ প্ৰমোদ কলিতাই।