উত্তৰ-পূৰ্বাঞ্চলৰ জলপথসমূহে ৰাষ্ট্ৰ নিৰ্মাণত সবল ভূমিকা গ্ৰহণ কৰি আহিছেঃ সৰ্বানন্দ সোণোৱাল

● উত্তৰ-পূৰ্বাঞ্চলৰ জলপথসমূহে ৰাষ্ট্ৰ নিৰ্মাণত সবল ভূমিকা গ্ৰহণ কৰি আহিছে বুলি কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্রকাশ কৰিছে। নাগালেণ্ডৰ জলপথৰ সম্ভাৱনা সক্ষম কৰাৰ লক্ষ্যৰে ডিমাপুৰত কালি অনুষ্ঠিত অংশীদাৰ সন্মিলনত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই মত প্ৰকাশ কৰিছে।

কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে ১০১ নম্বৰ টিজু-জুংকি ৰাষ্ট্ৰীয় জলপথৰ উন্নয়নৰ কথা ঘোষণা কৰি কয় যে টিজু-জুংকি নদীক নাগালেণ্ডৰ অৰ্থনৈতিক উন্নয়নৰ বাবে ব্যৱহাৰ কৰা হ’ব, যাতে এই জলপথৰ জৰিয়তে সামগ্ৰী আৰু যাত্ৰী পৰিবহণ সম্ভৱ হয়।

তেওঁ ভাৰতীয় আভ্যন্তৰীণ জলপথ কৰ্তৃপক্ষ আৰু নাগালেণ্ড চৰকাৰৰ পৰিবহণ বিভাগক সন্মিলিতভাৱে নৌ পৰিবহণৰ সম্ভাৱনা অধ্যয়ন কৰিবলৈ আহ্বান জনায়। শ্ৰী সোণোৱালে দৈয়া হ্ৰদৰ পৰ্যটন সম্ভাৱনা বিকাশৰ লগতে ৰ’ পেক্স ফেৰীৰ সম্ভাৱনা অধ্যয়নৰ বাবেও পদক্ষেপ লোৱাৰ কথা ঘোষণা কৰে। ইয়াৰ ফলত ৰাজ্যখনত পৰ্যটনত ইতিবাচৰ প্ৰভাৱ পৰিব বুলিও তেওঁ আশা প্রকাশ কৰে।

সন্মিলনত নাগালেণ্ডৰ মুখ্যমন্ত্রী নেইফিউ ৰিঅ’, উপ-মুখ্যমন্ত্রী য়ান্তুংগো পেটন, পর্যটন মন্ত্রী টেমজেন ইমনা এলং, লোকসভাৰ সাংসদ এছ এছ জামিৰ, ৰাজ্যসভাৰ সাংসদ ফাংগনন কন্যাক, আভ্যন্তৰীণ জলপথ কৰ্তৃপক্ষৰ উপাধ্যক্ষ সুনীল সিং, ৰাজ্য চৰকাৰৰ বিধায়ক আৰু উপদেষ্টা, পৰিবহণ বিভাগৰ আয়ুক্ত আৰু সচিবৰ লগতে কেন্দ্ৰ আৰু নাগালেণ্ড চৰকাৰৰ অন্যান্য উচ্চপদস্থ বিষয়াসকলে অংশগ্রহণ কৰে।

অধিক পঢ়ক

সকলো চাওক