কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰালয়ে গুৱাহাটী, ডিব্ৰুগড় আৰু তেজপুৰকে ধৰি দেশৰ ২৪খন চহৰত ৱাটাৰ মেট্ৰ‘ৰ প্ৰযুক্তিগত সম্ভাৱনীয়তা অধ্যয়নত অনুমোদন জনাইছে। কেৰালাৰ কোচিস্থিত দেশৰ প্রথম ৱাটাৰ মেট্ৰ‘ৰ সফলতাৰ পাছত আন ২৪খন চহৰত জলপথেৰে যাতায়তৰ সম্ভাৱনা অন্বেষণৰ ব্যতিক্রমী পদক্ষেপ লোৱা হৈছে। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি সামাজিক মাধ্যমযোগে এই কথা প্রকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কোচি ৱাটাৰ ট্ৰেৰ সফলতাক প্ৰধানমন্ত্ৰী মোদীৰ দূৰদৰ্শী নেতৃত্বত সূচনা হোৱা ভাৰতৰ উদ্ভাৱনী কৌশল, আত্মনিৰ্ভৰশীলতা আৰু জল পৰিবহন খণ্ডৰ সবলীকৰণৰ অনন্য নিদৰ্শন বুলি অভিহিত কৰে ।
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ৱাটাৰ ট্ৰেৰ প্ৰযুক্তিগত সম্ভাৱনীয়তাৰ অধ্যয়নৰ অন্যতম হিচাপে গুৱাহাটী, ডিব্ৰুগড় আৰু তেজপুৰক বাছনি কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক ধন্যবাদ জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে ৰাজ্যৰ বিশাল নদী নেটৱৰ্কেৰে গুৱাহাটী, ডিব্ৰুগড় আৰু তেজপুৰৰ দৰে ঠাইত নগৰকেন্দ্ৰিক যাতায়াতৰ ৰূপান্তৰৰ অপাৰ সম্ভাৱনা বহন কৰি আহিছে।