কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কালি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্র প্রেক্ষাগৃহত তিনি দিনীয়াকৈ আয়োজিত ভাৰত বোধ অভিৱৰ্তনৰ গুৱাহাটী সংস্কৰণৰ কাৰ্যসূচীত অংশ লয়। অনুষ্ঠানত দিয়া ভাষণত শ্ৰী সোণোৱালে কয়, যে মহান সভ্যতা-সংস্কৃতিৰে চহকী ভাৰতবৰ্ষ এতিয়া অনিৰুদ্ধ গতিৰে বিশ্বৰ মানচিত্ৰত জিলিকি উঠিছে। দেশবাসীয়ে মূল্যবোধ আৰু উন্নয়নৰ ক্ষেত্ৰত নৱজাগৰণৰ অভিজ্ঞতা লাভ কৰিছে বুলি তেওঁ উল্লেখ কৰে। ভাৰত বোধ কাৰ্যসূচী দেশৰ সভ্যতা-সংস্কৃতি আৰু সামূহিক ৰাষ্ট্ৰ চেতনাৰ উদযাপন বুলি উল্লেখ কৰি শ্ৰী সোণোৱালে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ডিজিটেল ভাৰতৰ উত্থানৰ বিষয়ে উল্লেখ কৰে।