ডাউনলোড
মোবাইল এপ

android apple
signal

November 5, 2024 9:01 PM | Sarbanada sonowal

printer

ভাৰত অনতিপলমে সামুদ্রিক বাণিজ্যৰ বাবে গন্তব্যস্থানত পৰিণত হ’ব বুলি সৰ্বানন্দ সোণোৱালৰ প্ৰকাশ

কেন্দ্ৰীয় জাহাজ, পৰিবহণ আৰু বন্দৰ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সামুদ্রিক অৰ্থনীতিৰ ক্ষেত্ৰত ভাৰতৰ আমূল সম্ভাৱনাৰ কথা উল্লেখ কৰি কৈছে যে, ভাৰত অনতিপলমে সামুদ্রিক বাণিজ্যৰ বাবে গন্তব্যস্থানত পৰিণত হ’ব। আজি চেন্নাইত অনুষ্ঠিত The Week Maritime সন্মিলনত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এইদৰে কয়। তেওঁ লগতে কয় যে কেন্দ্ৰীয় চৰকাৰে আৰু অধিক নিযুক্তিৰ সৃষ্টি, সম্পদ আৰু বহনক্ষম দৃষ্টিভংগীৰে পূৰ্বৰ সেই ঐতিহ্য ঘূৰাই আনিবলৈ আগ্রহী। বিগত বৰ্ষত চৰকাৰে ১০০ বিলিয়ন ডলাৰ পৰ্যন্ত বিনিয়োগ আকৰ্ষিত কৰিছিল বুলিও মন্ত্ৰীজনে উল্লেখ কৰে। ভাৰতক সুস্থ আন্তঃগাঁথনিৰে সৈতে সর্বজন প্রিয় গন্তব্যস্থান হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে সাগৰমালা, সাগৰসেঁতু, সাগৰ সমৃতিৰ দৰে কেতবোৰ প্ৰকল্পৰ কাম আৰম্ভ কৰা হৈছে। দেশৰ ৯টা বন্দৰ বিশ্ব পৰ্যায়ৰ স্থানত আছে আৰু ভাৰতৰ জাহাজ নির্মাণ উদ্যোগ বিশ্বৰ শীর্ষ ৫ খন দেশৰ ভিতৰত স্থান লাভৰ দিশত অগ্ৰসৰ হৈছে। ভাৰতৰ আভ্যন্তৰীণ জলপথ দেশখনৰ অৰ্থনৈতিক বিকাশৰ অন্যতম পথ হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

অধিক পঢ়ক

সকলো চাওক