কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি জৱাহৰলাল নেহৰু বন্দৰৰ চৌপাশৰ সৌন্দৰ্যবৰ্ধন আৰু পুনৰ উজ্জীৱিতকৰণ প্ৰকল্পৰ উদ্বোধন কৰে আৰু বন্দৰটোত কেইবাটাও আন্তঃগাঁথনি আৰু উন্নয়নমূলক উদ্যমৰ পৰ্যালোচনা চলায়। শ্ৰী সোণোৱালে অঞ্চলটোৰ পাৰিপাৰ্শ্বিক সন্তুলন ৰক্ষাৰ উদ্দেশ্যে তিনিটা গুৰুত্বপূৰ্ণ জলনিকায়ো উদ্বোধন কৰে। অনুষ্ঠানত শ্ৰী সোণোৱালে জৱাহৰললাল নেহৰু বন্দৰ প্ৰাধীকৰণৰ ই-নীলামৰ সপ্তম পৰ্যায়ৰ বাবে অভিপ্ৰায় পত্ৰ জাৰি কৰে। মন্ত্ৰীগৰাকীৰ উপস্থিতিত দুখন গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰিত হয় ।
Site Admin | August 22, 2024 8:16 PM | Sarbananda Sonowal
জৱাহৰলাল নেহৰু বন্দৰৰ চৌপাশৰ সৌন্দৰ্যবৰ্ধন আৰু পুনৰ উজ্জীৱিতকৰণ প্ৰকল্পৰ উদ্বোধন সৰ্বানন্দ সোণোৱালৰ
