এন ডি এৰ সাংসদসকলৰ সৈতে প্রধানমন্ত্রী নৰেন্দ্র মোদীক সাক্ষাৎ সৰ্বানন্দ সোণোৱালৰ

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি অসমৰ পৰা নির্বাচিত এন ডি এৰ সাংসদসকলৰ সৈতে প্রধানমন্ত্রী নৰেন্দ্র মোদীক সাক্ষাৎ কৰে। সাক্ষাৎকাৰত তেওঁলোকে এইবাৰৰ বাজেটত অসমৰ বাবে বান ব্যৱস্থাপনাৰ ক্ষেত্ৰত দিয়া আৱণ্টন, ইউনেস্কোৰ বিশ্ব ঐতিহ্যক্ষেত্রৰ তালিকাত চৰাইদেউ মৈদামক অন্তর্ভুক্তিকৰণ, জাগীৰোডত উত্তৰ-পূবৰ প্ৰথমটো ছেমি কনডাক্টৰ প্রকল্পৰ অনুমোদন আৰু গুৱাহাটী ৰিং ৰোড প্রকল্পৰ অনুমোদনৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। কেন্দ্রীয় মন্ত্রী সোণোৱালে সামাজিক মাধ্যমযোগে কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে উত্তৰ-পূর্বাঞ্চলক দক্ষিণ-পূব এছিয়াৰ শক্তি ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য লৈছে। বিগত ১০ টা বছৰত অঞ্চলটোত স্থায়ী শান্তি প্রতিষ্ঠা হোৱাব লগতে সমগ্র অঞ্চলটো গুৱাহাটীক কেন্দ্ৰ হিচাপে লৈ ক্ৰমাৎ দক্ষিণ-পূৱ এছিয়াৰ বাণিজ্য আৰু উৎপাদনৰ কেন্দ্ৰস্থল হিচাপে পৰিগণিত হৈছে বুলি তেওঁ মন্তব্য কৰে। প্রধানমন্ত্রীৰ দূৰদর্শী দৃষ্টিভংগীৰ বাবেই সমগ্র উত্তৰ-পূর্বাঞ্চল নতুন ভাৰতৰ বিকাশৰ নতুন ইঞ্জিন আৰু অষ্টলক্ষ্মী হিচাপে উজ্বলি উঠিছে বুলিও তেওঁ কয়। শ্ৰীসোণোৱালে লগতে কয় যে বিগত ১০ বছৰত প্রধানমন্ত্রীয়ে অসমত শান্তি, প্রগতি আৰু সমৃদ্ধিৰ নতুন যুগৰ সূচনা কৰিছে। তেওঁ শ্ৰীমোদীক অমৃত কালত দেশক সুদক্ষভাৱে নেতৃত্ব দিয়াৰ ধন্যবাদ জ্ঞাপন কৰে।

অধিক পঢ়ক

সকলো চাওক