বিজেপিৰ জ্যেষ্ঠ নেতা তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে মোদী মন্ত্ৰীসভাৰ কেন্দ্ৰীয় মন্ত্রী হিচাপে শপত লৈ দেশমাতৃৰ প্ৰতি সমৰ্পিত সেৱা আগবঢ়াই যাবলৈ দৃঢ় সংকল্পবদ্ধ বুলি মত প্ৰকাশ কৰিছে। দেশক পুনৰ সেৱা কৰাৰ সুযোগ প্ৰদান কৰাৰ বাবে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে অসমবাসী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰে। বিগত ১০ বছৰত দেশত হোৱা অভূতপূৰ্ব উন্নয়নৰ বাবেই প্রধানমন্ত্ৰী মোদীৰ প্ৰতি দেশবাসীৰ আস্থা আৰু বিশ্বাস অটুট আছে বুলি উল্লেখ কৰি শ্ৰী সোণোৱালে কয় যে, অনাগত দিনবোৰত ভাৰতক বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতিলৈ ৰূপান্তৰ কৰাৰ বাবে এন ডি এ চৰকাৰ বদ্ধপৰিকৰ। এই ক্ষেত্ৰত প্ৰতিগৰাকী মন্ত্ৰীয়ে উৎসৰ্গিত মনোভাৱেৰে দেশৰ বাবে কাম কৰি যাবলৈ দৃঢ় সংকল্পবদ্ধ বুলিও তেওঁ উল্লেখ কৰিছে। ভাৰতে এতিয়া শান্তি, সমৃদ্ধি আৰু প্ৰগতিৰ নতুন শিখৰত আৰোহণ কৰাৰ দিশত ক্ষীপ্ৰতাৰে আগবাঢ়িব বুলিও তেওঁ কয় । আনহাতে ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক সচিব পৱিত্ৰ মাৰ্ঘেৰিটাই কালি প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীৰ শপত লয়। শ্ৰী মাৰ্ঘেৰিটাই তেওঁক মন্ত্রীসভাত অন্তৰ্ভুক্ত কৰাৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি দলৰ শীৰ্ষ নেতৃত্বক কৃতজ্ঞতা জ্ঞাপন কৰিছে। মন্ত্রীসভাত নতুনকৈ দায়িত্ব লাভ কৰা সাংসদগৰাকীয়ে আকাশবাণীৰ সংবাদদাতাৰ আগত সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে ৰাষ্ট্ৰ নিৰ্মাণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণত তেওঁক সুযোগ দিয়াৰ বাবে ৰাজ্যবাসী আৰু বিজেপিৰ ৰাজ্যিক নেতৃত্বকো কৃতজ্ঞতা জ্ঞাপন কৰিছে। ৰাজনৈতিক যাত্ৰাত সহযোগিতা আগবঢ়াই অহা মাতৃ, পিতৃ, পত্নী আৰু বন্ধুবৰ্গকো তেওঁ ধন্যবাদ জ্ঞাপন কৰে। পূৰ্বতে দলে অৰ্পণ কৰি অহা দায়িত্বসমূহ নিষ্ঠাৰে পালন কৰাৰ দৰে নতুন দায়িত্বও সততা আৰু নিষ্ঠাৰে পালন কৰি যাব বুলি শ্ৰী মাৰ্ঘেৰিটাই প্ৰকাশ কৰিছে।
Site Admin | June 10, 2024 8:02 PM