ডাউনলোড
মোবাইল এপ

android apple
signal

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্ত্রীসভাত ডিব্ৰুগড়ৰ সাংসদ সৰ্বানন্দ সোণোৱাল, ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাৰ শপতগ্ৰহণ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্ত্রীসভাত কালি তৃতীয়বাৰৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। আনহাতে ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক সচিব পৱিত্ৰ মাৰ্ঘেৰিটাই কালি প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীৰ শপত লয়। ৰাষ্ট্ৰপতি ভৱনত আয়োজিত শপতগ্রহণ অনুষ্ঠানত দুয়োগৰাকী মন্ত্ৰীয়ে শপতগ্ৰহণ কৰি দেশৰ হকে সেৱা আগবঢ়াই যোৱাৰ সংকল্প লয়। কেবিনেট মন্ত্ৰী হিচাপে শপত লৈ শ্ৰী সোণোৱালে অসমবাসীৰ আশীৰ্বাদ শিৰত লৈ দেশমাতৃৰ প্ৰতি সমৰ্পিত সেৱা আগবঢ়াই যাবলৈ তেওঁ দৃঢ় সংকল্পবদ্ধ বুলি মত প্ৰকাশ কৰিছে। দেশক পুনৰ সেৱা কৰাৰ সুযোগ প্ৰদান কৰাৰ বাবে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে অসমবাসী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ ৰাইজক কৃতজ্ঞতা জনায়। বিগত ১০ বছৰত দেশত হোৱা অভূতপূর্ব উন্নয়নৰ বাবেই প্রধানমন্ত্ৰী মোদীৰ প্ৰতি দেশবাসীৰ আস্থা আৰু বিশ্বাস অটুট আছে বুলি উল্লেখ কৰি শ্ৰী সোণোৱালে কয় যে, অনাগত দিনবোৰত ভাৰতক বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতিলৈ ৰূপান্তৰ কৰাৰ বাবে এন ডি এ চৰকাৰ বদ্ধপৰিকৰ। এই ক্ষেত্ৰত প্ৰতিগৰাকী মন্ত্ৰীয়ে উৎসর্গিত মনোভাৱেৰে দেশৰ বাবে কাম কৰি যাবলৈ দৃঢ় সংকল্পবদ্ধ বুলিও তেওঁ উল্লেখ কৰে। ভাৰতে এতিয়া শান্তি, সমৃদ্ধি আৰু প্ৰগতিৰ নতুন শিখৰত আৰোহণ কৰাৰ দিশত ক্ষিপ্ৰতাৰে আগবাঢ়িব বুলিও তেওঁ কয়। একেদৰে শ্ৰী মাৰ্ঘেৰিটাই তেওঁক মন্ত্রীসভাত অন্তৰ্ভুক্ত কৰাৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি দলৰ শীৰ্ষ নেতৃত্বক কৃতজ্ঞতা জ্ঞাপন কৰে। মন্ত্রীসভাত নতুনকৈ দায়িত্ব লাভ কৰা সাংসদগৰাকীয়ে আকাশবাণীৰ সংবাদদাতাৰ আগত সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে ৰাষ্ট্ৰ নিৰ্মাণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণত তেওঁক সুযোগ দিয়াৰ বাবে ৰাজ্যবাসী আৰু বিজেপিৰ ৰাজ্যিক নেতৃত্বকো কৃতজ্ঞতা জ্ঞাপন কৰে। ৰাজনৈতিক যাত্ৰাত সহযোগিতা আগবঢ়াই অহা মাতৃ, পিতৃ, পত্নী আৰু বন্ধুবৰ্গকো তেওঁ ধন্যবাদ জ্ঞাপন কৰে। পূৰ্বতে দলে অৰ্পণ কৰি অহা দায়িত্বসমূহ নিষ্ঠাৰে পালন কৰাৰ দৰে নতুন দায়িত্বও সততা আৰু নিষ্ঠাৰে পালন কৰি যাব বুলি শ্রী মাৰ্ঘেৰিটাই প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক