প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বৰ বাবে উত্তৰ-পূৰ্বাঞ্চলত আমূল পৰিৱৰ্তন ঘটিছে আৰু অঞ্চলটো নতুন শক্তি সম্ভাৱনাৰে উজলি উঠিছে। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি এখন সংবাদমেল সম্বোধন কৰি এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে ২০১৪ চনৰ পৰা অঞ্চলটোৰ বাবে বাজেট ব্যয় ৩০০ শতাংশতকৈও অধিক বৃদ্ধি হৈছে। তেওঁ লগতে কয়, যে ২০১৪ চনত অঞ্চলটোৰ বাবে বাজেটত ৩৬ হাজাৰ ১০৮ কোটি টকা ব্যয় কৰা হৈছিল আৰু ২০২৩-২৪ বিত্তীয় বৰ্ষত অঞ্চলটোৰ বাবে বাজেট ব্যয় ৯৪ হাজাৰ ৬৮০ কোটি টকালৈ বৃদ্ধি কৰা হৈছে। অঞ্চলটোত আন্তঃগাঁথনি উন্নয়নৰ বাবে ধাৰ্য কৰা ধনৰ পৰিমাণো ২৬ গুণ বৃদ্ধি কৰা হৈছে বুলি শ্ৰী সোণোৱালে জানিবলৈ দিয়ে। তেওঁ কয়, যে যাতায়াতৰ যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ উদ্দেশ্যে বছৰি ১৯৩ কিলোমিটাৰৰো অধিক ৰে’লপথ সম্প্ৰসাৰিত কৰা হৈছে। অঞ্চলটোৰ বাবে ৰে’ল বাজেট ৩৭০ শতাংশলৈ বৃদ্ধি হৈছে বুলি শ্ৰী সোণোৱালে উল্লেখ কৰে। তেওঁ কয়, যে অঞ্চলটোত ব্ৰডগজৰ ১০০ শতাংশ বৈদ্যুতিকীকৰণৰ পূৰ্ণগতিত অব্যাহত আছে। তেওঁ লগতে সাত হাজাৰৰো অধিক গাঁৱত পাইপ যোগে খোৱাপানীৰ সুবিধা প্ৰদান কৰা বুলিও জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে কয়, যে অঞ্চলটোত চাৰি হাজাৰ ১৬ কিলোমিটাৰৰো অধিক পথ প্রকল্প চলি আছে। জলপথ পুনৰুজ্জীৱিতকৰণৰ বাবে হাতত লোৱা কামৰ কথা উল্লেখ কৰি শ্ৰী সোণোৱালে কয়, যে দুই নম্বৰ ৰাষ্ট্ৰীয় জলপথ অর্থাৎ ব্রহ্মপুত্রক বংগোপসাগৰৰ জৰিয়তে বিশ্বৰ সৈতে বাণিজ্যৰ বাবে ব্যৱহাৰ কৰাৰ প্ৰয়াস কৰা হৈছে। তেওঁ কয়, যে আন্তঃগাঁথনিৰ বাবে পাণ্ডু বন্দৰত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো জাহাজ মেৰামতি কেন্দ্র নিৰ্মাণৰ কাম চলি আছে। পাণ্ডু বন্দৰৰ পৰা ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী এটা পথ নিৰ্মাণৰো কাম অব্যাহত আছে বুলি তেওঁ জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে পাণ্ডু, ধুবুৰী, বগীবিল আৰু যোগীঘোপাত স্থায়ী কেন্দ্ৰ নিৰ্মাণৰ লগতে বহুমুখী যোগীঘোপা কেন্দ্ৰ নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত বুলি প্ৰকাশ কৰে।
Site Admin | December 7, 2024 12:45 PM | sarbananda p meet new dilhi