ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বন্দৰ জাহাজ আৰু জলপথ মন্ত্ৰ্যালয়ে এহেজাৰ ১০ কোটি টকা বিনিয়োগ কৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সংসদৰ চলিত শীতকালীন অধিৱেশনত এই কথা প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সাগৰমালা আঁচনিৰ অধীনত ৯৬ কোটি ৬০ লাখ টকা বিনিয়োগেৰে মাজুলীত নতুন শ্লিপৱে’ নিৰ্মাণত অনুমোদন জনোৱাৰ বিষয়েও উল্লেখ কৰে। ইতিমধ্যে বিত্ত মন্ত্ৰালয়ৰ বিত্তীয় বিভাগৰ দ্বাৰা এই সন্দৰ্ভত নীতিগত অনুমোদন জনোৱা হৈছে।
কার্গো, যাত্ৰী চলাচল আৰু নদী পৰ্যটনৰ বাবে ব্ৰহ্মপুত্ৰৰ অভ্যন্তৰীণ জলপথ আন্তঃগাঁথনি উন্নয়নৰ অংশ হিচাপে ১২টা ফ্ল’টিং টার্মিনেল, পাণ্ডু আৰু যোগীঘোপাত দুটা মাল্টি মডেল টার্মিনেল, বগীবিল আৰু ধুবুৰীত দুটা স্থায়ী টার্মিনেল নিৰ্মাণ কৰা হ’ব বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে প্ৰকাশ কৰে। এই প্ৰকল্পৰ উদ্দেশ্য হৈছে জলপথৰ জৰিয়তে বিভিন্ন ধর্মীয় উপাসনাস্থলীক সংযোগ কৰা। এই প্ৰকল্পৰ জৰিয়তে কামাখ্যা, পাণ্ডুনাথ, অশ্বক্লান্ত, দৌলগোবিন্দ, উমানন্দ, চক্ৰেশ্বৰ মন্দিৰৰ লগতে আউনীআটী সত্ৰকো সংযোগ কৰা হ’ব। ইফালে শিলঘাট, বিশ্বনাথ, নিমাতী আৰু গুঁইজানত তীখাৰে নিৰ্মাণ কৰিবলগীয়া চাৰিটা পৰ্যটক জেটিৰ বাবে ইণ্ডিয়ান প’ৰ্ট ৰে’ল এণ্ড ৰোপৱে’ কনষ্ট্রাকচন লিমিটেডক দায়িত্ব অর্পণ কৰা হৈছে। উল্লেখযোগ্য যে বগীবিল আৰু পাণ্ডুত নির্মীয়মাণ ফ্ল’টিং জেটিবোৰৰ কাম ইতিমধ্যে প্রায় ৮৫ শতাংশ সম্পূৰ্ণ হৈছে।