ডাউনলোড
মোবাইল এপ

android apple
signal

February 18, 2025 12:58 PM | Sarbananda Sonowal

printer

অসম আৰু অসমীয়াৰ অস্তিত্ব ধৰি ৰাখিবলৈ অসম সাহিত্য সভাৰ বহু কাম কৰিবলগীয়া আছে বুলি সৰ্বানন্দ সোণোৱালৰ প্ৰকাশ

অসম আৰু অসমীয়াৰ অস্তিত্ব ধৰি ৰাখিবলৈ অসম সাহিত্য সভাৰ বহু কাম কৰিবলগীয়া আছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি ডিব্ৰুগড়ত তেওঁৰ বাসভৱনত অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীৰ সৈতে হোৱা বিশেষ আলোচনাত এই অভিমত প্ৰকাশ কৰে। অসম সাহিত্য সভাৰ পূৰ্বৰ গৌৰৱ ঘূৰাই অনাত গুৰুত্ব দি মন্ত্ৰীগৰাকীয়ে কয়, যে অসমীয়া মানুহক কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ লগতে তৰুণ প্ৰজন্মক সাহিত্য সভাৰ প্ৰতি উৎসাহী কৰি তুলিব লাগিব। তেওঁ ধ্ৰুপদী ভাষাৰ মৰ্যাদাৰে স্বীকৃত অসমীয়া ভাষাক বিশ্বৰ প্ৰেক্ষাপটত জিলিকাই তোলাৰ বাবে অসম সাহিত্য সভাৰ জড়িয়তে সবল ভূমিকা ল’বলৈ ড° গোস্বামীক আহ্বান জনায়। অসম সাহিত্য সভাৰ উত্তৰ-পূব ভাৰতৰ ঐতিহ্য, সাস্কৃতিক প্ৰকল্প তথা সংগ্ৰহালয় কৃষ্ণকান্ত সন্দিকৈ ভৱনত নিৰ্মাণৰ প্ৰস্তাৱ লৈ সাহিত্য সভাৰ সভাপতিগৰাকীয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰিছিল। এই প্ৰকল্পৰ জৰিয়তে সভাই উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিটো জাতি-জনগোষ্ঠী, নৃগোষ্ঠীয়সকলৰ ঐতিহ্যৰ সংৰক্ষণ আৰু সম্বোধন কৰাৰ বাবে ব্যৱস্থা ল’ব। ড° গোস্বামীয়ে ১১ কোটি টকাৰ এই প্ৰকল্পৰ প্ৰাক্- কলন মন্ত্ৰীগৰাকীক অৰ্পণ কৰে। কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহত ৰাজ্যৰ তিনিগৰাকী সাহিত্যৰ কাণ্ডাৰীৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ বাবেও তেওঁ মন্ত্ৰী সোণোৱালক অনুৰোধ জনায়।

অধিক পঢ়ক

সকলো চাওক