কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাৰত ২০২৯ চনৰ ভিতৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অর্থব্যৱস্থাৰূপে পৰিগণিত হব বুলি মন্তব্য কৰিছে। শ্ৰীসোণোৱালে আজি আগৰতলাত এখন সংবাদ মেলত ২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বৰ্তমানৰ চৰকাৰে গ্ৰহণ কৰা নীতি আৰু কাৰ্যসূচী সমূহে দেশৰ জনসাধাৰণৰ আৰ্থসামাজিক মানৰ উত্তৰণ ঘটাইছে। তেওঁ লগতে কয়, যে সুশাসনে দেশবাসীৰ বাবে মৰ্যদাপূর্ণ জীৱন সুনিশ্চিত কৰিছে। এই বাজেটত উল্লেখ কৰা ধৰণেই প্ৰথমবাৰৰ বাবে ব্যৱসায়ৰ মন মেলা দেশৰ অনুসূচীত জাতি-অনুসূচীত জনজাতি সম্প্ৰদায়ৰ মহিলাসকলে দুই কোটি টকালৈকে ঋণ লাভ কৰিব বুলি শ্ৰীসোণোৱালে লগতে কয়। এইবাৰৰ কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘোষণা কৰা নতুন কৰ গাঁথনি প্রায় ৫ কোটি ৬৫ লাখ মানুহক লাভান্বিত কৰিব আৰু মধ্যবিত্ত নাগৰিকসকলক সৰ্বাধিক পৰিমাণে সকাহ প্ৰদান কৰিব বুলিও শ্রীসোণোৱালে উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বই উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক সৰ্বাত্মক উন্নতিৰ পথলৈ আগুৱাই নিছে বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। ২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেটত নামৰূপত ১২ লাখ ৫০ হাজাৰ মেট্রিকটন উৎপাদন ক্ষমতা সম্পন্ন ইউৰীয়া প্ৰকল্প স্থাপনৰ ঘোষণা কৰা হৈছে বুলি উল্লেখ কৰি শ্ৰীসোণোৱালে এই প্রকল্পই নিয়োগ সৃষ্টি কৰাৰ লগতে অঞ্চলটোৰ উপৰি চুবুৰীয়া দেশসমূহকো উপকৃত কৰিব বুলি প্ৰকাশ কৰে ।
Site Admin | February 12, 2025 8:38 PM | Sarbananda Sonowal
ভাৰত ২০২৯ চনৰ ভিতৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অর্থব্যৱস্থাৰূপে পৰিগণিত হব – সৰ্বানন্দ সোণোৱাল
