ডাউনলোড
মোবাইল এপ

android apple
signal

April 8, 2025 12:36 PM | Sarbanada sonowal

printer

২০৩০ চনৰ ভিতৰত ভাৰতৰ সামুদ্রিক খণ্ডত ডেৰ লাখ কোটি টকাৰ বিনিয়োগ সৃষ্টি হোৱাৰ সম্ভাৱনা – সৰ্বানন্দ সোণোৱাল

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে ২৫ হাজাৰ কোটি টকাৰ প্ৰস্তাৱিত সামুদ্রিক উন্নয়ন পুঁজিৰ জৰিয়তে ২০৩০ চনৰ ভিতৰত ভাৰতৰ সামুদ্রিক খণ্ডত ডেৰ লাখ কোটি টকাৰ বিনিয়োগ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে । তেঁও লগতে কয় যে এই পুঁজিয়ে জাহাজ নির্মাণ, জাহাজ মেৰামতি আদিকে ধৰি দেশৰ অভ্যন্তৰীণ জলপথৰ প্ৰসাৰত উল্লেখনীয় অৱদান আগবঢ়াব। কালি সন্ধিয়া কোঁচিত চৰকাৰৰ সেউজীয়া জাহাজ স্থানান্তৰকৰণৰ এটা কাৰ্যসূচীত অংশগ্ৰহণ কৰি সোণোৱালে এইদৰে কয়। তেঁও লগতে কয় যে সামুদ্রিক উন্নয়ন পুঁজিয়ে হাজাৰ হাজাৰ নিবনুৱাৰ বাবে চাকৰিৰ সুযোগ সৃষ্টি কৰিব, ব্যক্তিগত খণ্ডৰ অংশগ্রহণ বৃদ্ধি কৰিব, বিদেশী নিৰ্ভৰশীলতা হ্ৰাস কৰিব আৰু ৰাষ্ট্ৰীয় সামুদ্রিক নিৰাপত্তা বৃদ্ধি কৰিব। তেওঁ উল্লেখ কৰে যে সামুদ্রিক খণ্ডক কার্বনমুক্ত কৰাৰ লক্ষ্যৰে স্বচ্ছ প্রযুক্তি গ্ৰহণৰ প্ৰচেষ্টাৰ অংশ হিচাপে বন্দৰসমূহত বৰ্তমানৰ জাহাজসমূহৰ ঠাইত অধিক পৰিৱেশ অনুকূল সেউজীয়া জাহাজ ব্যৱহাৰ কৰা হব। দেশৰ প্ৰধান বন্দৰসমূহত ১৬খন সেউজীয়া জাহাজ নিয়োগ কৰাৰ পৰিকল্পনা কৰা হৈছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জাহাজ নিৰ্মাণৰ ক্ষমতা যথেষ্ট বৃদ্ধি কৰিব পৰা এটা অত্যাধুনিক যন্ত্ৰও উদ্বোধন কৰে।

অধিক পঢ়ক

সকলো চাওক