ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগে সংখ্যালঘু জনগোষ্ঠীৰ প্ৰতিনিধিসকলৰ অংশগ্ৰহণৰে সম্প্ৰীতি গঢ়ি তোলাৰ উদ্দেশ্যে বৌদ্ধ, জৈন আৰু আন ধৰ্মৰ লোকৰ সমস্যাৱলীৰ বিষয়ে আলোচনা কৰিবলৈ আজি এখন সৰ্বধৰ্ম সংবাদ অনুষ্ঠিত কৰে । আজি লোকসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয়, যে ২০২১ চনৰ পৰা এতিয়ালৈকে ৩৮ খন এনে বৈঠক অনুষ্ঠিত কৰা হৈছে। ইয়াৰ ভিতৰত দেশৰ জৈন আৰু বৌদ্ধ সম্প্ৰদায়ৰ মাজত এনে ৫ খন বৈঠক অনুষ্ঠিত কৰা হয়। এই বৈঠকসমূহত বুদ্ধগয়া মন্দিৰৰ পৰিচালনা, জৈন বিহাৰসমূহৰ নিৰাপত্তা, পালি ভাষাৰ বিকাশ, আওহতীয়া অঞ্চলত থকা বৌদ্ধ মঠ-মন্দিৰসমূহৰ বিদ্যালয় আৰু সমূহীয়া ভৱন নিৰ্মাণ আদি বিষয় আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে লগতে কয়, যে জৈন আৰু বৌদ্ধ সম্প্ৰদায়ৰ ধাৰ্মিক পৰ্যটনৰ অংশস্বৰূপে কর্ণাটক, লেহ-লাডাখ, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, গোৱা, দিল্লী, পাঞ্জাৱ, চণ্ডিগড়, জম্মু আৰু কাশ্মীৰ, ঝাৰখণ্ড আৰু ৰাজস্থানৰ বিভিন্ন স্থানলৈ তীর্থ ভ্ৰমণৰ ব্যৱস্থা কৰা হয়। শ্ৰীৰিজিজুৱে কয়, যে ভাৰত চৰকাৰৰ সংস্কৃতি মন্ত্ৰালয়ৰ অধীনত ৩ টা স্বায়ত্ত শাসিত সংস্থা- লেহৰ কেন্দ্ৰীয় বৌদ্ধ অধ্যয়ন প্রতিষ্ঠান নালন্দাৰ নৱ নালন্দা মহাবিহাৰ, সাৰনাথৰ উচ্চমানৰ তীব্ৰবতীয় অধ্যয়নৰ কেন্দ্ৰীয় প্ৰতিষ্ঠানক ইতিমধ্যে বিশ্ববিদ্যালয় পৰ্যায়ৰ স্বীকৃতি দিয়া হৈছে।
Site Admin | December 18, 2024 9:10 PM | Sarba dharma sangbad