ভাৰতৰ সৰৱজোট সিঙে জাৰ্মানীৰ মিউনিখত অনুষ্ঠিত ISSF বিশ্বকাপ শ্বুটিং প্রতিযোগিতাৰ পুৰুষৰ ১০ মিটাৰ এয়াৰ পিষ্টল শিতানত সোণৰ পদক অৰ্জন কৰিছে। খেলুৱৈগৰাকীয়ে আজি ফাইনেলত ২৪২ দশমিক ৭ পইণ্টেৰে সোণৰ পদক হস্তগত কৰে। চীনৰ শুৱে হাং বুৱে ২৪২ দশমিক ৫ পইণ্টেৰে ৰূপৰ পদক আৰু জার্মানীৰ ৰবীন ৱাল্টাৰে ২২০ পইণ্টেৰে ব্ৰঞ্জৰ পদক লাভ কৰে।
Site Admin | June 6, 2024 8:58 PM | Sarabjit singh
ISSF বিশ্বকাপ শ্বুটিং প্রতিযোগিতাত সৰৱজোট সিঙৰ সোণৰ পদক অৰ্জন
