মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে বম্বে উচ্চ ন্যায়ালয়ত অতিৰিক্ত তিনিগৰাকী ন্যায়াধীশক স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি দিয়াৰ প্ৰস্তাৱত অনুমোদন জনাইছে। কালি অনুষ্ঠিত এখন বৈঠকত কলেজিয়ামে ন্যায়াধীশ শৈলেশ প্রমোদ ব্রহ্মে, ফিদোষ ফিৰোজ পুনিৱালা আৰু জিতেন্দ্ৰ শান্তিলাল জৈনক স্থায়ী ন্যায়াধীশ হিচাপে অনুমোদন জনায়। লগতে বম্বে উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ মঞ্জুছা অজয় দেশপাণ্ডেৰ কাৰ্যকাল এবছৰ বৃদ্ধি কৰাৰ পৰামৰ্শ দিয়া হৈছে। মাদ্রাজ উচ্চ ন্যায়ালয়তো অতিৰিক্ত পাঁচগৰাকী ন্যায়াধীশক স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি দিয়াৰ প্ৰস্তাৱতো কলেজিয়ামে অনুমোদন জনায়। এই সকলৰ ভিতৰত আছে- ন্যায়াধীশ ৰামছামী সাক্তিভেল, পি ধনবল, চিন্নাছামী কুমাৰাপ্পান আৰু কন্দাসামী ৰাজাসেকাৰ ।
Site Admin | February 21, 2025 8:30 PM | Sanjib khanna
বম্বে উচ্চ ন্যায়ালয়ত স্থায়ী ন্যায়াধীশ নিযুক্তি প্ৰস্তাৱত উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামৰ অনুমোদন
