ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই আজি ভূ-ৰাজনৈতিক উত্তেজনা, জলবায়ু পৰিৱৰ্তন প্ৰভাৱ আৰু ৰাজনৈতিক অস্থিৰতাৰ দ্বাৰা প্ৰভাৱিত গতিশীল বিশ্বৰ পৰিৱেশত স্থিতিশীলতা বজাই ৰখাত গুৰুত্ব প্ৰদান কৰে। তেওঁ কয়, যে ৰিজাৰ্ভ বেংকে নীতিগত বিষয়ত স্থিতিশীলতাক প্রাধান্য দিব। তেওঁ লগতে কয়, যে কেন্দ্ৰীয় বেংকে সাম্প্রতিক গোলকীয় অর্থনীতি আৰু ৰাজনৈতিক পৰিৱেশৰ সঁহাৰিৰ প্ৰতি সজাগ হৈ থাকিব। উল্লেখযোগ্য যে, ৬ বছৰীয়া কাৰ্যকাল সম্পন্ন কৰা পূৰ্বৰ গৱৰ্ণৰ শক্তিকান্ত দাসৰ স্থানত সঞ্জয় মালহোত্রাই ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ২৬ সংখ্যক গৱৰ্ণৰৰূপে দায়িত্ব গ্ৰহণ কৰিছে।
Site Admin | December 11, 2024 9:02 PM | Sanjay Malhotra Takes Charge as RBI Governor | Stresses Stability Amid Global Challenges
ৰিজাৰ্ভ বেংকে নীতিগত বিষয়ত স্থিতিশীলতাক প্রাধান্য দিবঃ সঞ্জয় মালহোত্ৰা
