মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই উজনি অসমৰ অন্যতম প্রধান নগৰ-ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয় ৰাজধানীৰূপে গঢ়ি তোলা হ’ব বুলি ঘোষণা কৰিছে। এই সম্পৰ্কত ডিব্ৰুগড়ৰ নাগৰিকসকলৰ অভিমতৰ ভিত্তিত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অহা দেওবাৰে সন্ধিয়া ৭ বাজি ৪৫ মিনিটত এটা বিশেষ সংবাদ চলন্তিকা প্ৰচাৰ কৰিব। আকাশবাণীৰ ডিব্ৰুগড়ৰ সংবাদদাতা যাদৱ গগৈৰ সহযোগত অনুষ্ঠানটো প্ৰযোজনা আৰু উপস্থাপন কৰিব ৰাজীৱ লোচন বৰঠাকুৰে।
Site Admin | March 28, 2025 7:25 PM | Sanbad salantika
অহা দেওবাৰে সন্ধিয়া আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বিশেষ সংবাদ চলন্তিকা প্ৰচাৰ
