ডাউনলোড
মোবাইল এপ

android apple
signal

নিটি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পূর্ণতা অভিযান অব্যাহত

নিটি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পূর্ণতা অভিযান অসমতো অব্যাহত আছে। এই অভিযানৰ অংশ হিচাপে যোৱা পহিলা জুলাইৰ পৰা বাক্সা জিলাতো বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। কালি সন্ধিয়া প্ৰচাৰিত আকাশবাণী গুৱাহাটীৰ চলন্তিকা অনুষ্ঠানত আয়ুক্ত কৃষ্ণা বৰুৱাই জিলাখনত ৰূপায়ণ হৈ থকা সম্পূর্ণতা অভিযানৰ খতিয়ান দাঙি ধৰে। আয়ুক্তগৰাকীয়ে সদৰি কৰা মতে বাক্সা জিলাত এই অভিযান এক জুলাইৰ পৰা ৩০ ছেপ্তেম্বৰলৈ চলিব। ছটা বিভাগত কেন্দ্ৰীয় চৰকাৰে দিয়া লক্ষ্য নিৰ্ধাৰণৰ বাবে জিলা প্রশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলি আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰিছে। জিলাখনৰ দুটা সমূহীয়া স্বাস্থ্যকেন্দ্ৰ, দুখন আদর্শ চিকিৎ‍সালয়, ২৭খন প্রাথমকি স্বাস্থ্য কেন্দ্ৰ, এহেজাৰ ৪৫৩ টা অংগনবাড়ী কেন্দ্ৰ আৰু ২২ টা আদর্শ অংগনবাড়ী কেন্দ্ৰৰ জৰিয়তে সম্পূর্ণতা অভিযানৰ অধীনত গৰ্ভৱতী মহিলাসকলক সজাগ কৰাৰ প্ৰয়াস চলোৱা হ’ব বুলি আয়ুক্তগৰাকীয়ে সদৰি কৰিছে। উল্লেখযোগ্য যে সম্পূর্ণতা অভিযানৰ অধীনত অভিলাষী জিলা আৰু উন্নয়ন খণ্ড সমূহত মূলত প্রথম তিনি মাহতে পঞ্জীয়নভুক্ত প্রসূতিৰ সংখ্যা, সংহত শিশু বিকাশ সেৱাৰ অধীনত প্ৰসূতিৰ পৰিপূৰক খাদ্য যোগান, শিশুৰ সম্পূৰ্ণ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বৃদ্ধিৰ হাৰ, চৰকাৰে ২০১৫ চনতে কৃষকৰ বাবে আৰম্ভ কৰা ছয়েল হেল্থ কাৰ্ডৰ যোগেদি মাটিৰ নমুনা সংগ্ৰহৰ হাৰ, প্ৰতিটো খণ্ডত মধুমেহ আৰু উচ্চ ৰক্তচাপজনিত ৰোগীসকলক চিনাক্তকৰণৰ হাৰ আৰু একোটা উন্নয়ন খণ্ডত থকা আত্মনিৰ্ভৰশীল গোটৰ বিপৰীতে পুঁজি লাভ কৰি থকা গোটৰ হাৰ, বিদ্যুত যোগান থকা মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়ৰ হাৰ তথা পাঠ্যক্ৰম আৰম্ভ হোৱাৰ এমাহৰ ভিতৰতে পাঠ্যপুথি বিতৰণৰ হাৰ বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে। তিনি মাহজোৰা সম্পূর্ণতা অভিযানৰ অংশ হিচাপে নিৰ্বাচিত জনপ্ৰতিনিধিৰ লগতে জিলা তথা খণ্ড বিষয়াসকলে গ্রাম সভা, নাটক, পুষ্টিকৰ আহাৰ মেলা, স্বাস্থ্য শিবিৰ, প্ৰদৰ্শনী, সজাগতা সভা আৰু সমদল আদি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক