অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহৰ দ্ৰুত তথা সৰ্বাত্মক বিকাশৰ লক্ষ্যৰে ৰাজ্যৰ কেইবাখনো জিলাত আজিৰেপৰা সম্পূর্ণতা অভিযান ৰূপায়ণ কৰা হ‘ব। উল্লেখযোগ্য যে বৰ্তমানলৈ উন্নয়নৰ সুফল নোপোৱা দেশৰ ভিন্ন প্ৰান্তৰ অঞ্চলক সামৰি কেন্দ্ৰীয় চৰকাৰে এনে অঞ্চলসমূহৰ দ্ৰুত উন্নয়ন লক্ষ্যৰে সম্পূৰ্ণতা অভিযান আৰম্ভ কৰিছে। নীতি আয়োগে আৰম্ভ কৰা এই অভিযান ৩০ ছেপ্তেম্বৰ পৰ্যন্ত চলিব। এই অভিযানে নির্বাচিত অভিলাষী জিলা আৰু উন্নয়ন খণ্ডৰ নিৰ্দিষ্ট সূচাংক পর্যন্ত উন্নয়নৰ ক্ষেত্ৰত গুৰুত্ব দিব। সম্পূর্ণতা অভিযানৰ অভিলাষী জিলাৰ কাৰ্যসূচীয়ে স্বাস্থ্য আৰু পৰিপুষ্টি, শিক্ষা, কৃষি আৰু জলসম্পদ, বিত্তীয় চামিলকৰণ, দক্ষতা বিকাশ আৰু আন্তঃগাঁথনিক সামৰি লোৱাৰ বিপৰীতে অভিলাষী খণ্ড কাৰ্যসূচীয়ে স্বাস্থ্য আৰু পৰিপুষ্টি, শিক্ষা, কৃষি আৰু কৃষি সম্বন্ধীয় অন্যান্য সেৱা, প্ৰাথমিক স্তৰৰ আন্তঃগাঁথনি তথা সামাজিক উন্নয়নক সামৰি লৈছে। এই অভিযানৰ অধীনত জিলা আৰু উন্নয়ন খণ্ড সমূহত মূলত প্রথম তিনি মাহতে পঞ্জীয়নভুক্ত প্রসূতিৰ সংখ্যা, সংহত শিশু বিকাশ সেৱাৰ অধীনত প্ৰসূতিৰ পৰিপূৰক খাদ্য যোগান, শিশুৰ সম্পূৰ্ণ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ হাৰ, চৰকাৰে ২০১৫ তে কৃষকৰ বাবে আৰম্ভ কৰা ছয়েল হেল্থ কাৰ্ডৰ যোগেদি মাটিৰ নমুনা সংগ্ৰহৰ হাৰ, প্ৰতিটো খণ্ডত মধুমেহ আৰু উচ্চ ৰক্তচাপজনিত ৰোগীসকলক চিনাক্তকৰণৰ হাৰ আৰু একোটা উন্নয়ন খণ্ডত থকা আত্মনিৰ্ভৰশীল গোটৰ বিপৰীতে পুঁজি লাভ কৰি থকা গোটৰ হাৰ, বিদ্যুত যোগান থকা মাধ্যমিক পর্যায় বিদ্যালয়ৰ হাৰ তথা পাঠ্যক্ৰম আৰম্ভ হোৱাৰ এমাহৰ ভিতৰতে পাঠ্যপুথি বিতৰণৰ হাৰ বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে।উল্লেখযোগ্য যে অসমত এই অভিযানে বাক্সা, ধুবুৰী, দৰং, বৰপেটা, গোৱালপাৰা,ওদালগুৰি আৰু হাইলাকান্দি জিলাকে ধৰি মুঠ ৭খন জিলা তথা ২০টা উন্নয়ন খণ্ড এলেকাক সাঙুৰি লৈছে।
Site Admin | July 4, 2024 1:17 PM | Sampurana abhijan