বিশিষ্ট কবি সমীৰ তাঁতীলৈ এই বছৰৰ সন্মানজনক সাহিত্য একাডেমী বঁটা আগবঢ়োৱা হৈছে। সাহিত্য একাডেমীয়ে আজি নতুন দিল্লীত ঘোষণা কৰা ২১টা ভাৰতীয় ভাষাৰ ভিতৰত অসমীয়া ভাষাত ফৰিংবোৰে বাটৰ কথা জানে কাব্যগ্ৰন্থৰ বাবে সমীৰ তাঁতীক এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে। বড়ো ভাষাৰ ঔপন্যাসিক অৰণ ৰাজাক এই বছৰৰ সাহিত্য একাডেমীৰ বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে। হাউবাম সত্যৱতী দেৱীক তেওঁৰ কাব্য সংকলনৰ বাবে মণিপুৰী ভাষাত এই বছৰৰ সাহিত্য একাডেমী বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে।
১৯৫৫ চনৰ ৬ ফেব্ৰুৱাৰীত গোলাঘাট জিলাৰ বোকাখাটৰ সমীপৰ বিহৰা চাহ বাগিচাত জন্মগ্ৰহণ কৰা সমীৰ তাঁতীয়ে দেৰগাঁৱৰ কমল দুৱৰা মহাবিদ্যালয়ৰ পৰা স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। আধুনিক অসমীয়া কবিসকলৰ ভিতৰত অন্যতম প্রগতিশীল আৰু মানৱতাবাদী কবি হিচাপে পৰিচিত সমীৰ তাঁতীৰ এতিয়ালৈকে মুঠ ১৪ খন কাব্য সংকলন প্রকাশিত হৈছে। ইয়াৰ উপৰিও জাপানী প্ৰেমৰ কবিতা আৰু আলজেৰিয়াৰ বিখ্যাত কবি আলবেয়াৰ কেমুৰ কবিতাৰ সংকলনৰ অসমীয়া অনুবাদ হৈছে তেওঁৰ অন্যতম সাহিত্য কৃতি। ২০১২ চনত তেওঁক মেগৰ সাহিত্য ন্যাসৰ সন্মানজনক অসম উপত্যকা সাহিত্য বঁটাৰে সন্মানিত কৰা হয়। যুদ্ধভূমিৰ কবিতা, আনন্দ আৰু বেদনাৰ বৈভৱ, অত্যাচাৰৰ টোকাবহী, সময়- শব্দ-সপোন, শোকাকুল উপত্যকা, বিগলিত প্রার্থনা আদি হৈছে তেওঁৰ উল্লেখযোগ্য কাব্য সংকলন। এই বঁটাই তেওঁক উৎসাহিত কৰিছে আৰু নতুন সৃষ্টিৰ বাবে তেওঁক অনুপ্রাণিত কৰিব বুলি কবিগৰাকীয়ে তেওঁৰ অনুভৱ ব্যক্ত কৰে ।
বড়ো ঔপন্যাসিক অৰণ ৰাজাই তেওঁৰ চৌৰণি থাকাই অৰ্থাৎ কাৰ বাবে নামৰ উপন্যাসখনৰ বাবে এইবছৰৰ সাহিত্য একাডেমী বঁটা লাভ কৰিছে। ইতিপূৰ্বে অৰণ ৰাজাৰ কেইবাখনো উপন্যাসে পঢ়ুৱৈ সমাজৰ সমাদৰ লাভ কৰিছে। চিৰাং জিলাৰ চতিয়ানগুৰি গাঁৱৰ বৃত্তিত শিক্ষক অৰণ ৰাজাৰ এই সাফল্যই অঞ্চলটোৰ জনসাধাৰণক উৎসাহিত কৰি তুলিছে বুলি আমাৰ কাজলগাঁৱৰ সংবাদদাতাই জনাইছে।