ছাহাৰানপুৰৰ জনসভাত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, এইবাৰৰ নিৰ্বাচন কেৱল চৰকাৰ গঠনৰ বাবে অনুষ্ঠিত হোৱা নাই, বৰং এখন উন্নত ভাৰত গঠনৰ বাবে অনুষ্ঠিত হৈছে। যোৱা ৫ বছৰত ভাৰত বিশ্বৰ পঞ্চম স্থানৰ অৰ্থনীতি হ’বলৈ সমৰ্থ হৈছে বুলি শ্রীমোদীয়ে উল্লেখ কৰে। ছাহাৰানপুৰৰ এখন জনসভাত ভাষণ দি প্রধানমন্ত্ৰীয়ে আজি এইদৰে কয়। তেওঁ ছাহাৰানপুৰৰ বিজেপি প্রার্থী ৰাঘৱ লখনপাল আৰু কৈৰানাৰ বিজেপি প্রার্থী প্ৰদীপ চৌধাৰীৰ হৈ প্ৰচাৰ চলায়। এই সভাত বিজেপিৰ জ্যেষ্ঠ নেতা তথা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও অংশগ্রহণ কৰে। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি জনসভাত ভাষণ দি শ্রীমোদীয়ে কয় যে, যদিহে উদ্দেশ্য সঠিক থাকে তেন্তে ফলাফলো সঠিক হয়। বিজেপিৰ চৰকাৰে কোনো কার্পন্য নকৰাকৈ কাম কৰি আহিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, চৰকাৰে নিজৰ নীতিসমূহ দেশৰ প্ৰতিজন লোকৰ কাষলৈ যোৱাটো বিচাৰে। ইয়াৰ বাবেই যোৱা ১০ বছৰে বিজেপিয়ে কাম কৰি আহিছে বুলি প্ৰকাশ কৰি তেওঁ কয় যে, এয়াই হৈছে প্ৰকৃত ধৰ্ম নিৰপেক্ষতা আৰু সামাজিক ন্যায়। বিজেপিৰ আজি প্ৰতিষ্ঠা দিৱস বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে লগতে কয় যে, কেই দশকমান পূর্বে দেশৰ অভিলেখসংখ্যক লোকে বিজেপিত যোগদান কৰিছিল আৰু দলটোৱে জনসাধাৰণৰ বিশ্বাস তথা হৃদয় জিনিবলৈ সমৰ্থ হৈছিল। ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণ হিচাপে শ্ৰীমোদীয়ে কয় যে, বিজেপিৰ বাবে দেশ সদায় প্ৰথম আৰু এয়া দলটোৰ বাবে কেৱল শ্ল’গান নহয় বৰং বিশ্বাস। বিজেপিয়ে দেশৰ সৰ্বাত্মক বিকাশৰ বাবে কাম কৰি আহিছে বুলি উল্লেখ কৰি তেওঁ কয় যে, ইয়াৰ জৰিয়তে প্ৰতিগৰাকী ভাৰতীয়ৰ জীৱন-ধাৰণৰ মান উন্নত হৈছে। যোৱা ১০ বছৰত চৰকাৰে কৃষকসকলৰ উন্নয়নৰ বাবে ধাৰাবাহিকভাৱে কাম কৰি আহিছে বুলি প্রধানমন্ত্রীয়ে প্ৰকাশ কৰে। দেশৰ উন্নয়নৰ বৰ্তমানৰ অৱস্থাক কেৱল আভাসহে মাত্ৰ বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে, উন্নত ভাৰত গঢ়াৰ বাবে এতিয়াও বহু কাম কৰিবলগীয়া আছে।

অধিক পঢ়ক

সকলো চাওক