ৰাজ্য চৰকাৰে আয়োজন কৰা এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত অংশগ্ৰহণ কৰিবলৈ অহা ৪৫ খন দেশৰ ৰাষ্ট্রদূত আৰু উচ্চায়ুক্তই আজি একেলগে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰে। কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰৰ নেতৃত্বত অহা দলটোৱে কালি কাজিৰঙাত নিশা যাপন কৰে। ৰাষ্ট্ৰদূতসকলৰ বাবে নিশা সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হয়। এই অনুষ্ঠানত অসমৰ বাৰেৰহনীয়া কলা- সংস্কৃতিৰ প্ৰদৰ্শন কৰা হয়। দলটোৱে আজি পুৱা হাতী ছাফাৰী কৰাৰ পাছত মিহিৰমুখৰ পিলখানাত হাতীক বিভিন্ন খাদ্য খুৱায়।
ৰাষ্ট্ৰীয় উদ্যানখন ভ্ৰমণ কৰি কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে সংবাদ মাধ্যমৰ আগত নিজৰ মনৰ ভাব প্ৰকাশ কৰে ৷