বৈদেশীক পৰিক্ৰমা মন্ত্রী ড° এছ জয়শংকৰে আজি দিল্লী বিশ্ববিদ্যালয়ত বিভিন্ন মহাবিদ্যালয়ৰ শিক্ষার্থীসকলৰ সৈতে এটা মতবিনিময় অনুষ্ঠানত ভাগ লয়। অনুষ্ঠানত ড° জয়শংকৰে শিক্ষার্থীসকলক উদ্দেশ্যি কয়, যে যুৱ চামৰ অবিহনে বিকশিত ভাৰতৰ পৰিকল্পনা কেতিয়াও সম্ভৱ নহয়। তেওঁ যুৱক-যুৱতীসকলক শিক্ষিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয়, যে তেওঁলোকক বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুৱাবৰ বাবে স্বাধীনভাবে নিজৰ সৃষ্টিশীলতা প্ৰকাশ কৰিব পৰাৰ সুবিধা প্ৰদান কৰা উচিত। ড° জয়শংকৰে শিক্ষার্থীসকলক নিজৰ নিজৰ ক্ষেত্ৰসমূহত ভাল প্রদর্শন আগবঢ়াবলৈ উৎসাহ দিয়ে। তেওঁ লগতে কয়, যে দেশৰ যুৱক-যুৱতীসকলৰ বাবে এতিয়াও বহু পথ মুকলি হ‘বলৈ বাকী আছে আৰু ভৱিষ্যতে দেশে সর্বোচ্চ বিকাশৰ দৌৰত আগবাঢ়ি যাব।
Site Admin | January 30, 2025 8:43 PM | DR. S. joysankar
দিল্লী বিশ্ববিদ্যালয়ত বিভিন্ন মহাবিদ্যালয়ৰ শিক্ষার্থীসকলৰ সৈতে ড° এছ জয়শংকৰৰ মতবিনিময়
