September 10, 2024 12:58 PM | Dr. S Jaishankar

printer

দুদিনীয়া ভ্ৰমণসূচীৰে ডº এছ জয়শংকৰ আজি জাৰ্মানীত উপস্থিত

বিদেশ পৰিক্ৰমা মন্ত্ৰী ডº এছ জয়শংকৰ আজিৰ পৰা দুদিনীয়া ভ্ৰমণসূচীৰে জাৰ্মানীত উপস্থিত হ’ব। এই ভ্ৰমণকালত তেওঁ জাৰ্মানীৰ বিদেশমন্ত্ৰী তথা অন্যান্য নেতাসকলৰ সৈতে বৈঠকত মিলিত হ’ব। এই বৈঠকৰ উদ্দেশ্য হৈছে দ্বিপাক্ষিক সম্পৰ্কৰ সমগ্ৰ বিষয়টো পৰ্যালোচনা কৰা আৰু সহযোগিতা বৃদ্ধিৰ নতুন নতুন ক্ষেত্ৰৰ সন্ধান কৰা। উল্লেখযোগ্য যে জার্মানী হৈছে ভাৰতৰ গুৰুত্বপূৰ্ণ বাণিজ্যিক অংশীদাৰ তথা প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ অন্যতম উৎস। ডº জয়শংকৰে ইয়াৰ পূৰ্বে কালি পেলেষ্টাইনৰ পৰিস্থিতি সন্দৰ্ভত ভাৰতৰ দৃঢ় স্থিতিৰ কথা উল্লেখ কৰাৰ লগতে দেশখনত অতি সোনকালে যুদ্ধ বিৰতি ঘোষণাৰ বাবে আহ্বান জনায়। গাজাৰ সাম্প্ৰতিক পৰিস্থিতি বর্তমান ভাৰতৰ বাবে অতি চিন্তাৰ বিষয় বুলি উল্লেখ কৰি ডº জয়শংকৰে কয় যে, আমি এফালে সন্ত্ৰাসবাদী কার্যকলাপক গৰিহণা দিওঁ আৰু ইয়াৰ বিপৰীতে নিৰীহ জনসাধাৰণৰ মৃত্যুত গভীৰ দুখ প্ৰকাশ কৰো। বিদেশ মন্ত্ৰীগৰাকীয়ে কালি ৰিয়াধত ভাৰত-উপসাগৰীয় সহযোগিতা পৰিষদৰ বিদেশ মন্ত্ৰীসকলৰ প্ৰথমলানি বৈঠকত সহ অধ্যক্ষতা কৰে। এই বৈঠকত অংশগ্ৰহণ কৰাৰ সুযোগতে তেওঁ উপসাগৰীয় সহযোগিতা পৰিষদৰ একাংশ সদস্য ৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। ডº জয়শংকৰে কয় যে, ভাৰত হৈছে বিশ্বৰ সৰ্ববৃহৎ আৰু দ্রুত বিকশিত বজাৰ। তেওঁ উপসাগৰীয় সহযোগিতা পৰিষদক পাৰস্পৰিক ভৱিষ্যতৰ বাবে বিনিয়োগ কৰাৰ লগতে নিৰন্তৰ প্ৰগতিত সমৰ্থন আগবঢ়াবলৈ আহ্বান জনায়। ত্রিদেশীয় ভ্ৰমণৰ তৃতীয় তথা অন্তিম পর্যায়ত ডº জয়শংকৰে অহা ১২ আৰু ১৩ ছেপ্তেম্বৰত জেনেভা ভ্ৰমণ কৰিব। জেনেভাত তেওঁ আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ মুৰববী আৰু প্ৰতিনিধিসকলক সাক্ষাৎ কৰিব। তেওঁ লগতে ছুইজাৰলেণ্ডৰ বিদেশ মন্ত্রীকো সাক্ষাৎ কৰিব ।

অধিক পঢ়ক

সকলো চাওক