September 9, 2024 8:37 PM | S.Joysankar

printer

ভাৰত-উপ সাগৰীয় সহযোগিতা পৰিষদৰ বিদেশ মন্ত্ৰীসকলৰ প্ৰথমলানি বৈঠকত ডº এছ জয়শংকৰৰ অংশগ্ৰহণ

বিদেশ মন্ত্ৰী ডº এছ জয়শংকৰে আজি ৰিয়াধত অনুষ্ঠিত ভাৰত-উপ সাগৰীয় সহযোগিতা পৰিষদৰ বিদেশ মন্ত্ৰীসকলৰ প্ৰথমলানি বৈঠকত অংশগ্ৰহণ কৰাৰ সুযোগতে উপসাগৰীয় সহযোগিতা পৰিষদৰ একাংশ সদস্য ৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। এই আলোচনাত বিভিন্ন দ্বিপাক্ষিক, আঞ্চলিক আৰু গোলকীয় বিষয় সামৰি লোৱা হয়। চৌদি আৰৱৰ বিদেশ মন্ত্ৰী ফেইচাল বিন ফৰহানৰ সৈতে হোৱা আলোচনাত ডº জয়শংকৰে দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতিৰ পৰ্যালোচনা চলায় আৰু দুয়োগৰাকী নেতাই বিভিন্ন গোলকীয় আৰু আঞ্চলিক বিষয় লৈ মত বিনিময় কৰে। ডº জয়শংকৰে শ্ৰীফৰহানক ভাৰতলৈ আমন্ত্ৰণ জনায়। ডº জয়শংকৰে কুৱেইটৰ বিদেশ মন্ত্ৰী আব্দুল্লা আলি অল য়াহ্যাৰ সৈতে হোৱা আলোচনাকালত ভৱিষ্যতে দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পর্ক অধিক সুদৃঢ় কৰা আৰু শীঘ্ৰে যুটীয়া আয়োগৰ বৈঠক অনুষ্ঠিত কৰাৰ বিষয় লৈ আলোচনা কৰে । ডº জয়শংকৰে আৰু বাহৰেইনৰ বিদেশ মন্ত্ৰী আব্দুল্লাটিফ বিন ৰচিদ অল জয়ানিৰ মাজৰ বৈঠকত পাৰস্পৰিক স্বার্থজড়িত বিষয়সমূহৰ পৰ্যালোচনা চলোৱা হয়। তেওঁ বাহৰেইনত থকা ভাৰতীয় সম্প্ৰদায়ৰ গুৰুত্বপূর্ণ অৱদানৰ ভূয়সী প্রশংসা কৰে আৰু শীঘ্ৰে যুটীয়া আয়োগৰ বৈঠক অনুষ্ঠিত কৰিবলৈ সন্মতি প্ৰকাশ কৰে। ওমানৰ বিদেশ মন্ত্ৰী বদৰ অলবুছায়দি আৰু বিদেশ মন্ত্ৰী জয়শংকৰৰ মাজৰ আলোচনাত ভাৰত আৰু ওমানৰ মাজৰ কৌশলগত সহযোগিতা সূদৃঢ় কৰাৰ বিষয়টোৱে স্থান লাভ কৰে। ড০ জয়শংকৰে ব্ৰাজিলৰ বিদেশ মন্ত্ৰী মাউৰী ৱিয়েৰাকো সাক্ষাৎ কৰে। তেওঁলোকে জি টুৱেণ্টি, ব্রীক্স আৰু ইউক্রেইনৰ সংঘৰ্ষসহ বিভিন্ন বহুপাক্ষিক বিষয় লৈ আলোচনা কৰে ।

অধিক পঢ়ক

সকলো চাওক