সীমান্তত সংঘাত অব্যাহত থকা পৰ্যন্ত পাকিস্তানৰ সৈতে কোনো ধৰণৰ বাণিজ্যৰ সম্ভাৱনা নাইঃ বিদেশ মন্ত্ৰী জয়শংকৰ

♦ বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে কৈছে যে, সীমান্তত সংঘাত অব্যাহত থকা পৰ্যন্ত পাকিস্তানৰ সৈতে কোনো ধৰণৰ বাণিজ্যৰ সম্ভাৱনা নাই। ছুৰাটত দক্ষিণ গুজৰাট চেম্বাৰ অৱ কমাৰ্চ এণ্ড ইষ্ট্ৰীয়ে আয়োজন কৰা ভাৰতৰ অৰ্থনৈতিক বিকাশ সম্পৰ্কীয় এখন বাণিজ্যিক সন্মিলনত অংশগ্রহণ কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। কোনো ধৰণৰ সন্ত্ৰাসবাদ সহ্য কৰা নহ’ব বুলিও ড০ জয়শংকৰে স্পষ্ট কৰে।

Read More News :

অৰুণাচল প্ৰদেশৰ সন্দৰ্ভত চীনৰ কাৰ্যকলাপৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, অৰুণাচল প্ৰদেশ ভাৰতৰ এখন ৰাজ্য আৰু ৰাজ্যখন সদায় ভাৰতৰেই হৈ থাকিব। চীনে নাম সলনি কৰা কাৰ্যই ৰাজ্যখন ভাৰতৰ হৈ থকাত কোনোধৰণৰ প্ৰভাৱ নেপেলাই বুলি তেওঁ উল্লেখ কৰে। অৰ্থনৈতিক দিশত চীনক পিছ পেলোৱাৰ বাবে ভাৰতে উৎপাদন খণ্ডত গুৰুত্ব আৰোপ কৰা উচিত বুলি তেওঁ প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক