সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ মধ্যস্থতাত ৰাছিয়া আৰু ইউক্রেইনে শ শ যুদ্ধবন্দীৰ বিনিময় কৰিছে। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এটা সূত্ৰই কয় যে তেওঁলোকে বন্দী হৈ থকা ১৫০ জন ইউক্রেইন সৈনিকক মুকলাই দিছে আৰু ইয়াৰ বিনিময়ত ইউক্রেনেও সমান সংখ্যক ৰাছিয়াৰ সৈন্য দেশখনলৈ ওভতাই পঠিয়াইছে। ইফালে ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেন্সকিয়ে কয় যে বৰ্তমানলৈ ১৮৯ জন ইউক্রেইনৰ নাগৰিক দেশখনলৈ উভতি আহিছে। ২০২২ চনৰ মে’ মাহত ৰাছিয়াই ইউক্রেইনৰ দক্ষিণ-পূব প্ৰান্তৰ মাৰিউপল চহৰ দখল কৰাৰ পাছত চহৰখনৰ আজ’ভষ্টাল তীখা উদ্যোগৰ সুৰক্ষাকৰ্মীসকলে আত্মসমৰ্পণ কৰিবলগীয়া হৈছিল। ইউক্রেইনে দাবী কৰা অনুসৰি এই পৰ্যন্ত কীভৰ সৈতে চুক্তিবদ্ধ হৈ মস্কোৱে সৈনিক আৰু সাধাৰণ নাগৰিকসহ মুঠ ৩৯৫৬ গৰাকী যুদ্ধবন্দীক মুকলি কৰি দিছে।
Site Admin | December 31, 2024 1:14 PM | Russia-Ukraine War