ডাউনলোড
মোবাইল এপ

android apple
signal

ইউক্রেইনৰত ৰাছিয়াই চলোৱা আক্রমণত ১৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন কেইবাজনো লোক আহত

যোৱা নিশা ইউক্রেইনৰ ওপৰত ৰাছিয়াই চলোৱা আক্রমণত ১৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন কেইবাজনো লোক আহত হৈছে। ইউক্রেইনৰ গৃহবিভাগৰ সূত্ৰই জনোৱা মতে ৰাছিয়াৰ সেনাবাহিনীয়ে বেলিস্টিক মিছাইল, একাধিক ৰকেট আৰু ড্ৰ’নেৰে আক্ৰমণ কৰাৰ ফলত আঠটা বহুমহলীয়া অট্টালিকা আৰু ৩০খন বাহনৰ ক্ষতিসাধন হয়। সূত্ৰটোৱে আৰু জনোৱামতে এই আক্রমনত ডনেটস্ক অঞ্চলতো আঠটা আৱাসিক ভৱন আৰু এটা প্রশাসনিক ভৱন ক্ষতিগ্রস্ত হৈছে। উল্লেখযোগ্য যে কালি ৰাছিয়াই কৰা ক্ষেপণাস্ত্ৰ আক্ৰমণৰ ফলত ইউক্রেইনৰ গেছ আৰু শক্তিখণ্ডৰ আন্তঃগাঁথনিৰ ব্যাপক ক্ষতিসাধন হয়। ইয়াৰ পিছতে ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ’ল ‘ডিমিৰ জেলেনস্কিয়ে আকাশী পথ আৰু সাগৰীয় ক্ষেত্ৰত যুদ্ধবিৰতিৰ আহ্বান জনাইছে।

উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে ইউক্রেইনৰ সৈতে তথ্যৰ আদান প্রদান বন্ধ কৰিবলৈ নিৰ্দেশ দিয়াৰ পিছতে কালি আমেৰিকাৰ মহাকাশ প্রতিষ্ঠান মেক্সাৰ টেকন’লজিছে পূৰ্বতে ইউক্রেইনলৈ প্ৰেৰণ কৰা উপগ্ৰহীয় তথ্য প্ৰেৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ ৰূপে বন্ধ কৰি দিয়ে। ইয়াৰ পিছতে আক্রমণ প্রতিহত কৰাৰ ক্ষেত্ৰত ইউক্রেইন যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। ইফালে, ৰাছিয়াৰ লেনিনগ্রাড অঞ্চলৰ গৱৰ্ণৰ আলেকজেণ্ডাৰ ড্ৰ’জডেংকোৱে আজি জনোৱা মতে ৰাছিয়াৰ অন্যতম বৃহৎ শোধনাগাৰ হিচাপে পৰিচিত কিৰিছি শোধনাগাৰৰ এটা টেংক ইউক্রেইনৰ এখন ড্র’ন ৰাছিয়াই গুলীয়াই ভূপতিত কৰাৰ ফলত ধ্বংসাৱশেষ পৰি ক্ষতিগ্রস্ত হৈছে।

অধিক পঢ়ক

সকলো চাওক