ধুবুৰী জিলাৰ ৰূপসী বিমানবন্দৰযোগে পশ্চিম অসমৰ অঞ্চলসমূহৰ বাবে সুন্দৰ সুযোগ সুবিধা সৃষ্টি কৰি গুৱাহাটী আৰু কলকাতালৈ পুনৰ সেৱা আগবঢ়াইছে। ৰূপসী বিমানবন্দৰৰ নতুন সেৱা আৰম্ভ হোৱা বাবে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই শুভেচ্ছা জনাইছে। সূচল বিমান যাতায়াতৰ বাবে ৰূপসীৰ পৰাই যাত্ৰীসকলে গুৱাহাটী আৰু কলকাতালৈ যাত্ৰা কৰিব পাৰিব বুলি তেওঁ কয়। ইফালে ৰাজ্যৰ হস্ততাঁত আৰু বস্তশিল্প মন্ত্রী উৰ্খাও গৌৰা ব্ৰহ্মই কালি ধুবুৰী জিলাৰ ৰূপসী বিমান বন্দৰৰ পৰা বিমান চলাচলৰ শুভাৰম্ভ কৰে। কালিৰে পৰা শুভাৰম্ভ হোৱা এই বিমান বন্দৰযোগে গুৱাহাটীৰ পৰা ৰূপসী হৈ কলকাতা আৰু কলকাতাৰ পৰা ৰূপসী হৈ গুৱাহাটীলৈ সপ্তাহত ৩ দিন বিমান চলাচল কৰিব। উল্লেখযোগ্য যে উড়ান আঁচনিৰ অধীনত এলায়েন্স এয়াৰ নামৰ বিমান সংস্থাটো ৰূপসী বিমান বন্দৰৰ পৰা বিমানসেৱা চলাচলত নিয়োজিত হৈ আছে।
Site Admin | October 18, 2024 11:39 AM | rupsi airport reopen