ডাউনলোড
মোবাইল এপ

android apple
signal

October 29, 2024 7:19 PM | run for unity assam

printer

চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মবার্ষিকীৰ সৈতে সংগতি ৰাখি ৰাজ্যত ‘একতাৰ দৌৰ’ শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ

চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মবার্ষিকীৰ সৈতে সংগতি ৰাখি দেশজুৰি আজি একতাৰ দৌৰ শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে নতুন দিল্লীৰ মেজৰ ধ্যানচান্দ নেচনেল ষ্টেডিয়ামৰ পৰা পতাকা জোকাৰি একতাৰ দৌৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। চৰ্দাৰ বল্লভ ভাই পেটেলৰ অৱদানৰ কথা স্মৰণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, একতাৰ দৌৰ দেশৰ একতাৰ হকে লোৱা মাত্ৰ এটা সংকল্পই নহয়, বৰং এই দৌৰ সম্প্ৰতি বিকশিত ভাৰতৰ সংকল্পৰূপে পৰিগণিত হৈছে। পেটেলে দেশীয় ৰাজ্যসমূহক একত্ৰিত কৰি এখন ঐক্যবদ্ধ দেশ গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল বুলি শ্ৰী শ্বাহে কয়। কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ সহযোগত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত একতাৰ দৌৰ শীৰ্ষক কাৰ্যসূচীৰ অনুষ্ঠিত কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। পেটেলৰ মহান আদর্শ সৰোগত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক ভাৰত-শ্রেষ্ঠ ভাৰতৰ মূলমন্ত্ৰৰে দেশৰ প্ৰগতিৰ যাত্ৰাক আগুৱাই নিছে বুলি তেওঁ কয়। লখিমপুৰত জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত একতাৰ দৌৰ কাৰ্যসূচীত জিলা আয়ুক্তকে ধৰি চৰকাৰী কৰ্মচাৰী, বিভিন্ন সংগঠনৰ বিষয়ববীয়াৰ লগতে ছাত্র-ছাত্রীসকলে অংশগ্রহণ কৰে ।

একেদৰে চৰাইদেউৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা আৱৰ্ত ভৱনলৈ একতাৰ দৌৰৰ আয়োজন কৰা হয়। নগাঁৱত জিলা প্ৰশাসন আৰু জিলা আৰক্ষীৰ সহযোগত নেহৰুবালি খেলপথাৰত এই কাৰ্যসূচী অনুষ্ঠিত হয়। জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ লগতে আৰক্ষী আৰু চৰকাৰী কৰ্মচাৰীসকলে এই কাৰ্যসূচীত অংশ লয়। শোণিতপুৰ জিলাত আয়োজিত ৰাষ্ট্ৰীয় একতাৰ দৌৰ অনুষ্ঠানত বিধায়ক পৃথ্বীৰাজ ৰাভাৰ লগতে জিলাখনৰ আয়ুক্তই অংশগ্ৰহণ কৰে। একেদৰে মৰিগাঁও, তামুলপুৰ, চিৰাং, গোলাঘাট, যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়াতো জিলা প্ৰশাসনৰ উদ্যোগত একতাৰ দৌৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

অধিক পঢ়ক

সকলো চাওক