October 28, 2024 11:41 AM | run for unity assaam

printer

চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মবার্ষিকীত আয়োজিত ‘একতাৰ দৌৰ’ ৩১ অক্টোবৰৰ পৰিৱৰ্তে কাইলৈ অনুষ্ঠিত হ’ব

চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মবার্ষিকীৰ সৈতে সংগতি ৰাখি আয়োজন কৰা ‘একতাৰ দৌৰ’ ৩১ অক্টোবৰৰ পৰিৱৰ্তে কাইলৈ অনুষ্ঠিত হ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি এই কথা ঘোষণা কৰি কয় যে এইবাৰ ৩১ অক্টোবৰত চৰ্দাৰ পেটেলৰ জন্মবার্ষিকী দীপাৱলী উৎসৱৰ সৈতে একে সময়তে হোৱাৰ বাবে একতাৰ দৌৰ কাইলৈ আয়োজন কৰা হৈছে। প্রধানমন্ত্রীয়ে দেশবাসীক দলে-বলে ওলাই আহি এই দৌৰত অংশগ্ৰহণ কৰি দেশৰ ঐক্যৰ মন্ত্ৰৰ লগতে সুস্বাস্থ্যৰ মন্ত্ৰক সকলোৰে মাজত বিয়পাই দিবলৈ আহ্বান জনায়। অৱশ্যে লৌহ মানৱগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে ৰাষ্ট্ৰীয় একতা দিৱসৰ প্ৰতিজ্ঞা গ্ৰহণৰ কাৰ্যসূচী প্ৰতিবছৰৰ দৰে ৩১ অক্টোবৰত পালন কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক