ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ে দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বাসগৃহত নগদ ধন উদ্ধাৰ কৰা বিষয়টো সন্দৰ্ভত উদ্বেগ প্রকাশ কৰিছে। শ্রীধনখড়ে আজি ৰাজ্যসভাৰ নেতা জে পি নাড্ডা আৰু বিৰোধী দলৰ নেতা মল্লিকার্জুন খাৰ্গেৰ সৈতে এই বিষয়টো সন্দৰ্ভত আলোচনা কৰে। শ্ৰীধনখড়ে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাক এই সন্দৰ্ভত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে প্ৰশংসা কৰে। তেওঁ মুখ্য ন্যায়াধীশ গৰাকীক ইয়াৰ বাবে এখন বিশেষ সমিতি গঠন কৰাৰ বাবে বিবেচনা কৰিবলৈ আহ্বান জনায়। ৰাজ্যসভাৰ সভাপতিগৰাকীয়ে এই ক্ষেত্ৰত মল্লিকার্জুন খাৰ্গে আৰু জে পি নাড্ডাই আগবঢ়োৱা পৰামৰ্শ প্ৰেৰণ কৰিব। তেওঁ লগতে কয়, যে এই বিষয়টো সন্দৰ্ভত আলোচনাৰ বাবে সদনৰ নেতা আৰু মন্ত্ৰী পৰিষদৰ বৈঠক আহ্বান কৰিব।
Site Admin | March 24, 2025 9:10 PM | RS Chairman Dhankhar Calls for Action on Cash Recovery from Judge’s Residence
দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বাসগৃহত নগদ ধন উদ্ধাৰ সন্দৰ্ভত ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ৰ উদ্বেগ প্রকাশ
