প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ‘ কনফাৰেন্সিং ব্যৱস্থাৰে ৭১ হাজাৰতকৈও অধিক নিযুক্তি পত্ৰ বিতৰণ কৰে। দেশৰ ৪৫খন ঠাইত একেলগে এই নিযুক্তি মেলাৰ আয়োজন কৰা হয়। কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ বিভিন্ন বিভাগত খালী পদসমূহ পূৰণৰ বাবে এই নিযুক্তি মেলাৰ আয়োজন কৰা হয়। ২০২২ চনৰ অক্টোবৰত আৰম্ভ হোৱা ৰোজগাৰ মেলা এতিয়ালৈকে ৫০খন চহৰত ৰাষ্ট্ৰীয় পৰ্যায়ত ১৩বাৰ আয়োজন কৰা হৈছে। বিভিন্ন চৰকাৰী বিভাগ আৰু মন্ত্ৰ্যালয়ৰ খালী পদ পূৰণৰ দিশত পদক্ষেপ হিচাপে এই ৰোজগাৰ মেলাসমূহত লাখ লাখ নিযুক্তি পত্ৰ বিতৰণ কৰা হৈছে। নতুনকৈ নিযুক্তিপ্রাপ্ত সকলে গৃহ পৰিক্ৰমা, উচ্চ শিক্ষা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, বিত্তীয় সেৱা আদি বিভাগত যোগদান কৰিব ।
অসমতো আজি নিযুক্তি মেলাৰ আয়োজন কৰা হয়। গুৱাহাটীত আয়োজিত এই কাৰ্যসূচীত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্রহণ কৰে। অনুষ্ঠানত দিয়া ভাষণত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কেইবাগৰাকীও নৱনিযুক্ত প্ৰাৰ্থীৰ সৈতে মত বিনিময় কৰাৰ উপৰি তেওঁলোকক নিষ্ঠা আৰু একাগ্ৰতাৰে নিজৰ কাম কৰি যাবলৈ আহ্বান জনায়।