ডাউনলোড
মোবাইল এপ

android apple
signal

আই পি এল ক্রিকেটত ৰাজস্থান ৰয়েলছক ১১ ৰানত পৰাস্ত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ

আই পি এল ক্রিকেট প্রতিযোগিতাত কালি নিশা বেংগালুৰুৰ এম চিন্নস্বামী ষ্টেডিয়ামত হোৱা এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ৰাজস্থান ৰয়েলছক ১১ ৰানত পৰাস্ত কৰে। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে নিৰ্ধাৰণ কৰি দিয়া ২০৬ ৰানৰ বিজয় লক্ষ্যৰে খেলিবলৈ লোৱা ৰাজস্থান ৰয়েলছে নিৰ্ধাৰিত ২০ অভাৰত ৯ টা উইকেট হেৰুৱাই ১৯৪ ৰানহে কৰিবলৈ সমৰ্থ হয়। ৰাজস্থানৰ হৈ যশস্বী জয়ছোৱালে সৰ্বাধিক ৪৯ আৰু ধ্ৰুৱ জুৰেলে ৪৭ ৰান কৰে। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ হৈ য’শ হেজেলউডে ৪টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ৰাজস্থান ৰয়েলছে টছত জিকি প্রথমে বলিং কৰাৰ সিদ্ধান্ত লয়। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে নিৰ্ধাৰিত ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ২০৫ ৰান সংগ্ৰহ কৰে। দলৰ হৈ বিৰাট কোহলীয়ে ৭০ ৰানৰ অনবদ্য বৰঙণি আগবঢ়ায়। দেৱদূত্ত পাড়িকলে ৫০ ৰান কৰে। ৰাজস্থান ৰয়েলছৰ হৈ সনদ্বীপ শর্মাই দুটা উইকেট দখল কৰে। য’শ হেজেলউডক প্লেয়াৰ অব দ্যা মেচ ঘোষণা কৰা হয়।

প্ৰতিযোগিতাত আজি চেন্নাইৰ এম এ চিডাম্বৰম ষ্টেডিয়ামত চেন্নাই ছুপাৰ কিংছ, ছান ৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন সন্ধিয়া চাৰে সাত বজাত আৰম্ভ হ’ব।

অধিক পঢ়ক

সকলো চাওক