ৰাজ্যৰ মুখ্য সচিব ডº ৰবি কোটাই কালি সীমান্ত সুৰক্ষা বাহিনী, ৰাজ্যিক সীমান্ত আৰক্ষী, মাদক দ্রব্য নিয়ন্ত্ৰণ সঞ্চালকালয়ৰ প্ৰতিনিধি আৰু সংশ্লিষ্ট বিভিন্ন পক্ষৰ সৈতে সপ্তম ৰাজ্যিক পৰ্যায়ৰ স্থায়ী সমিতিৰ বৈঠকত মিলিত হয়। এই বৈঠকত আন্তঃসীমান্ত অপৰাধ নিয়ন্ত্ৰণৰ লগতে পশুধন সৰবৰাহ আৰু মাদক দ্রব্য সৰবৰাহ ৰোধ কৰিবলৈ গ্ৰহণ কৰা ব্যৱস্থাৰ পৰ্যালোচনা কৰা হয়। বৈঠকত কাছাৰ, কৰিমগঞ্জ, ধুবুৰী, আৰু দক্ষিণ শালমাৰা জিলাত ১২ খন অতিৰিক্ত সীমান্ত আৰক্ষী থানা স্থাপনৰ বিষয়ে আলোচনা কৰি পৰামৰ্শ দিয়া হয়। তদুপৰি সীমান্ত আৰক্ষী চকী আৰু তহলদাৰী চকীসমূহত পর্যাপ্ত জোৱান নিয়োগৰ বাবে বৈঠকত নিৰ্দেশ দিয়া হয়। এই বৈঠকত সীমান্ত সুৰক্ষা বাহিনীয়ে নৈপৰীয়া পথসমূহৰ বাহিৰে সমগ্ৰ সীমান্ত এলেকাত বেৰ দিয়া হৈছে বুলি জানিবলৈ দিয়ে। এই ব্যৱস্থাত আধুনিক আহিলাৰ দ্বাৰা বৈদ্যুতিন মাধ্যমেৰে পহৰাৰ ব্যৱস্থা কৰা হৈছে বুলিও তেওঁ প্ৰকাশ কৰে। সকলো সুৰক্ষা সংস্থাৰ সমন্বয়ৰ দ্বাৰা অবৈধ অনুপ্ৰৱেশকাৰীক প্ৰৱেশ কৰাত বাধা দিয়া হৈছে বুলিও তেওঁলোকে জানিবলৈ দিয়ে। বৈঠকত ভাৰত-বাংলাদেশ সীমান্ত অঞ্চলত শক্তিশালী পহৰা ব্যৱস্থাৰ পোষকতা কৰা হয় ৷
Site Admin | October 24, 2024 1:17 PM | Rabi cota