চত্তিশগড়ত এটা পথ দুৰ্ঘটনাত ১৪ গৰাকী মহিলাকে ধৰি ১৫ জন লোকৰ মৃত্যু হৈছে। ৰাজ্যখনৰ কুকদুৰ আৰক্ষী চকীৰ অন্তৰ্গত কবিৰধাম জিলাত এখন বাহনে নিয়ন্ত্ৰণ হেৰুৱাই বাঁহপানী গাঁৱৰ সমীপৰ খাৱৈত বাগৰি পৰাৰ ফলত এই দুর্ঘটনা সংঘটিত হয়। বাহনখনত মুঠ ২৫ জন লোক আছিল আৰু তেওঁলোকে হাবিৰ পৰা তেন্দু গছৰ পাত চিঙি নিজৰ গাঁও অভিমুখে গৈ আছিল। দুৰ্ঘটনাত আঘাতপ্রাপ্ত ৮ জন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে এই দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে মৃত লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আঘাতপ্রাপ্ত লোকসকলৰ আশু আৰোগ্য কামনা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে স্থানীয় প্রশাসনে দুর্ঘটনাগ্রস্ত লোকসকলৰ সহায়ৰ বাবে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে।
Site Admin | May 20, 2024 8:59 PM | road accident in Chhattisgarh