ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ বি চি চি আই-এ জিম্বাবুৱেৰ বিৰুদ্ধে হ’বলগীয়া শৃংখলাৰ বাবে ভাৰতীয় দলৰ সদস্যসকলৰ নাম ঘোষণা কৰিছে। দলটোৱে জিম্বাবুৱেৰ বিৰুদ্ধে অহা মাহত ৫ খনীয়া টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্রিকেট শৃংখলাত অংশগ্রহণ কৰিব। শৃংখলাৰ আটাইকেইখন খেল হাৰাৰে স্পোর্টছ ক্লাব খেলপথাৰত খেলোৱা হ’ব। খেলকেইখন ৬, ৭, ১০, ১৩ আৰু ১৪ জুলাইত অনুষ্ঠিত হ’ব। কালি কৰা ঘোষণা অনুসৰি দলত স্থান লাভ কৰা খেলুৱৈ সকল হ’ল— শুভমন গীল, যশস্বী জয়ছোৱাল, ৰুতুৰাজ গায়কোৱাড়, অভিষেক শর্মা, ৰিকু সিং, সঞ্জু ছেমছন, ধ্ৰুৱ জুৰেল, নীতিশ ৰেড্ডী, ৰিয়ান পৰাগ, ৱাসিংটন সুন্দৰ, ৰবি বিষ্ণয়, আবেশ খান, খলিল আহমেদ, মুকেশ কুমাৰ আৰু তুষাৰ দেশপাণ্ডে । ৰিয়ান পৰাগ হ’ল ভাৰতীয় পুৰুষ ক্রিকেট দলত স্থান লাভ কৰা অসমৰ প্ৰথমগৰাকী খেলুৱৈ। এই কৃতিত্বৰ বাবে খেলুৱৈগৰাকীক কালি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই অভিনন্দন জ্ঞাপন কৰে। এটা বার্তাত মুখ্যমন্ত্রীয়ে কয় যে উন্নত প্ৰদৰ্শনেৰে নিৰ্বাচক তথা সমালোচকৰ দ্বাৰা প্ৰশংসিত হৈ অহা ৰিয়ান পৰাগৰ এই খবৰে তেওঁক উৎফুল্লিত কৰি তুলিছে। খেলুৱৈগৰাকীক কৃতকাৰ্যতাৰ যাত্ৰা অব্যাহত ৰাখিবলৈ তেওঁ শুভেচ্ছা জ্ঞাপন কৰে ।
Site Admin | June 25, 2024 12:59 PM | Riayn parag