উচ্চতম ন্যায়ালয়ত আজি কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত যোৱা মাহত এগৰাকী ৩১ বছৰীয়া চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ সৈতে জড়িত গোচৰৰ শুনানি চলি আছে। উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাক অহা মঙলবাৰে এই গোচৰৰ নতুন প্রতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। সংস্থাটোৱে কয় যে, এইমছ আৰু অন্যান্য গৱেষণাগাৰসমূহে সুকীয়াকৈ ফৰেনচিক অধ্যয়ন কৰিব। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়, ন্যায়াধীশ জে বি পার্ডিৱালা আৰু মনোজ মিশ্ৰৰ বিচাৰপীঠে বিষয়টোৰ ওপৰত শুনানি গ্ৰহণ কৰি আছে। ছলিচিটৰ জেনেৰেল তুষাৰ মেহতা কেন্দ্ৰীয় সংস্থাটোৰ হৈ হাজিৰ হোৱাৰ বিপৰীতে জ্যেষ্ঠ অধিবক্তা কপিল চিবালে পশ্চিমবংগ চৰকাৰক প্ৰতিনিধিত্ব কৰিছে।
Site Admin | September 9, 2024 6:00 PM | RG kor