পুনৰ বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰালয়ৰ দায়িত্ব লাভ কৰি পৰৱৰ্তী ১০০ দিনৰ কৰ্মসূচী পৰ্যালোচনা সর্বানন্দ সোণোৱালৰ

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে নৰেন্দ্ৰ মোডী মন্ত্ৰীসভাৰ তৃতীয়টো কাৰ্যকালত পুনৰ বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰালয়ৰ দায়িত্ব লাভ কৰি পৰৱৰ্তী ১০০ দিনৰ কৰ্মসূচী পৰ্যালোচনা কৰে। মোডী কেবিনেটৰ জ্যেষ্ঠ সদস্যৰূপে দায়িত্ব গ্ৰহণ কৰি সোণোৱালে কালি তেওঁৰ বিভাগৰ ৰাজ্যিক মন্ত্রী শান্তনু ঠাকুৰ প্ৰমুখ্যে কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলৰ সৈতে মত-বিনিময় কৰে। তেওঁ দেশৰ বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ খণ্ডকে ধৰি সামুদ্রিক খণ্ডৰ বিকাশৰ যাত্ৰাক নৱৰূপ দি আগুৱাই নিয়াৰ বাবে দায়বদ্ধতাৰে কাম কৰিবলৈ সকলোকে আহ্বান জনায়। সোণোৱালে কয় যে এখন বিকশিত আত্মনিৰ্ভৰ আৰু সমৃদ্ধিশালী ভাৰত গঢ়াৰ দিশত দেশৰ প্ৰতি সমৰ্পিত সেৱা আগবঢ়োৱাৰ বাবে আমি সংকল্পবদ্ধ হ’ব লাগিব। প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰালয়ে সামুদ্রিক খণ্ডক শক্তিশালী কৰাৰ দিশত নিৰন্তৰ কাম কৰি আহিছে। মন্ত্ৰী সোণোৱালে ৰাজ্যিক মন্ত্রী ঠাকুৰ আৰু উচ্চপদস্থ বিষয়াসকলৰ সৈতে মন্ত্ৰণালয়টোৰ পৰৱৰ্তী ১০০ দিনৰ কৰ্মসূচী সন্দৰ্ভতো পর্যালোচনা কৰে। উল্লেখযোগ্য যে প্রধানমন্ত্রীয়ে প্রতিজন মন্ত্ৰীক ১০০ দিনৰ কৰ্মসূচীৰে আগবাঢ়িবলৈ পৰামৰ্শ আগবঢ়াইছিল। ইফালে, মোডী মন্ত্রীসভাত প্ৰথমবাৰৰ বাবে বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ বিভাগৰ ৰাজ্যমন্ত্ৰী ৰূপে পৱিত্ৰ মাৰ্ঘেৰিটাই কাৰ্যভাৰ গ্ৰহণ কৰে। মন্ত্ৰালয়ৰ দায়িত্ব গ্ৰহণ কৰি কালি পুৱা বিভাগটোৰ ৰাজ্যিক মন্ত্ৰী কাৰ্যালয়ৰ শীর্ষ বিষয়াসকলৰ লগত তেওঁ এখন বৈঠকত মিলিত হৈ কাম-কাজৰ বুজ লয়। দিনৰ ভাগত মাৰ্ঘেৰিটা বৈদেশিক মন্ত্ৰালয়ত উপস্থিত হয় আৰু বিভাগীয় এখন বৈঠকত ভাগ লয়। এই বৈঠকত বৈদেশিক পৰিক্ৰমা বিভাগৰ কেবিনেট মন্ত্রী এছ. জয়শংকৰ আৰু দ্বিতীয়জন ৰাজ্যিক মন্ত্রী কীর্তিবর্ধন সিঙো উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক