ৰাজ্যত ৰীমালৰ প্ৰভাৱ সম্পৰ্কত কালি দিছপুৰত অসম ৰাজ্যিক দুৰ্যোগ প্রশমন বিভাগৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। ৰাজ্যৰ মুখ্য সচিব ড০ ৰবি কোটাৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত ৰীমালৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ সন্দৰ্ভত আলোচনা কৰা হয়। পৰ্যালোচনা বৈঠকত প্ৰতিখন জিলাৰ আয়ুক্ত আৰু আৰক্ষী অধীক্ষকে ভিডিঅ’ কনফাৰেন্সযোগে সংশ্লিষ্ট জিলাৰ পৰিস্থিতি সন্দৰ্ভত মুখ্য সচিবক অৱগত কৰে। এই বৈঠকত মুখ্য সচিব ড০ কোটাই জিলা আয়ুক্তসকলৰ পৰা ধুমুহা আৰু বৰষুণৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বুজ লয়। ইয়াৰ লগতে সাহায্য, পুনৰ সংস্থাপন, আহতসকলক চিকিৎসা প্ৰদান আৰু সতর্কতামূলক ব্যৱস্থা সন্দৰ্ভত সংশ্লিষ্ট জিলা আয়ুক্তক দৃষ্টি ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰে। পৰ্যালোচনা বৈঠকত মুখ্য সচিব গৰাকীয়ে ৰাজ্যৰ সকলো জিলাত দুপৰীয়া ১২ বজাপর্যন্ত ফেৰী সেৱা বন্ধৰ নিৰ্দেশ প্ৰদান কৰে। ইয়াৰ লগতে মুখ্য সচিবগৰাকীয়ে ৰাষ্ট্ৰীয় পথ প্ৰাধিকৰণৰ প্ৰতিনিধিবর্গক ধুমুহাত বিধ্বস্ত বাট-পথ মেৰামতিৰ নিৰ্দেশ প্রদান কৰিছে। মুখ্য সচিবগৰাকীয়ে জিলা আয়ুক্তসকলক ব্যাহত বিদ্যুৎ যোগান ব্যৱস্থা উন্নত কৰাৰ নিৰ্দেশ প্ৰদান কৰে। এই বৈঠকত ৰাজ্যিক প্ৰশাসনৰ কেইবাগৰাকী শীৰ্ষ বিষয়াৰ লগতে ৰে’ল বিভাগ, ৰাষ্ট্ৰীয় পথ প্ৰাধিকৰণ, বি এছ এন এল, নীপকো, এ পি ডি চি এল আদি প্ৰতিষ্ঠানৰ মুৰব্বীয়ে অংশ লয়।
Site Admin | May 29, 2024 12:27 PM | REV. MEETING DISPUR REMAL