দেশত যোৱা মে’ত ঘাই ঘাই খুচুৰা সামগ্ৰীৰ মুদ্রাস্ফীতি ৪ দশমিক ৭-৫ শতাংশলৈ হ্ৰাস পাইছে। পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি এপ্ৰিল মাহত উপভোক্তা মূল্য সূচ্যাংক আধাৰিত মুদ্রাস্ফীতি ৪ দশমিক ৮-৩ শতাংশ আছিল। যোৱা মাহত ঘাই ঘাই খুচুৰা সামগ্ৰীৰ মুদ্রাস্ফীতিৰ হাৰ ২০২৩ চনৰ মে’ৰ পাছত আটাইতকৈ কম হৈছে আৰু ২০২৪ৰ মাৰ্চৰ আৰম্ভণিৰে পৰা একেৰাহে ৩ মাহত ৫ শতাংশৰ তলত আছে। আনহাতে, খাদ্যসামগ্ৰী আৰু ইন্ধনৰ লেখিয়া সঘনাই মূল্যৰ উত্থান-পতন হৈ থকা উপাদানসমূহক বাদ দি গণনা কৰা ঘাই সামগ্ৰীৰ মুদ্রাস্ফীতি সম্প্ৰতি ২ দশমিক ৯৭ শতাংশৰ সৰ্বকালৰ সৰ্বনিম্ন পর্যায় পাইছে। অৱশ্যে খাদ্যসামগ্ৰী আৰু পানীয়ৰ মুদ্রাস্ফীতি ৭ দশমিক ৮-৭ শতাংশত অপৰিৱৰ্তিত হৈ আছে। মে’ত খাদ্যসামগ্ৰীসমূহৰ ভিতৰত শাক-পাচলিৰ মূল্য সামান্য হ্রাস পাই ২৭ দশমিক ৩-৩ শতাংশ হৈছে। অৱশ্যে দাইলৰ মূল্য ১৬ দশমিক ৮-৪ শতাংশৰ পৰা ১৭ দশমিক ১-৪ শতাংশলৈ বৃদ্ধি পাইছে। গোটা দানাজাতীয় শস্যসমূহৰ মূল্যও মাহিলি ভিত্তিত বৃদ্ধি পাইছে।
Site Admin | June 13, 2024 12:06 PM | Retail inflation eases to 12-month low of 4.75 percent in May