দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানতো গণৰাজ্য দিৱসৰ প্ৰস্তুতি অব্যাহত আছে। ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ সময়ছোৱাত যাতে কোনোধৰণৰ কূটাঘাতমূলক ঘটনা সংঘটিত হ’ব নোৱাৰে তাৰ বাবে আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে। খানাপাৰাৰ অসম পশুপালন আৰু পশু চিকিৎসালয় খেলপথাৰত হ’বলগীয়া কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পতাকা উত্তোলন কৰিব। ইয়াৰ বাবে ইতিমধ্যে খানাপাৰা খেলপথাৰত তিনিতৰপীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। সমগ্ৰ খেলপথাৰখন সামৰি ল’ব পৰাকৈ চিচিটিভি কেমেৰা স্থাপন কৰা হৈছে। খানাপাৰাৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অৰ্ধসামৰিক বাহিনী, আৰক্ষী, এন চি চি, স্কাউট গাইডসহ মুঠ ২৩টা দলে পেৰেডত অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই এইবাৰ ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। শ্রীভূমি জিলাতো গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতি অব্যাহত আছে। এই উপলক্ষে কালি শ্রীভূমি চহৰৰ চৰকাৰী উচ্চতৰ মাধ্যমিক খেলপথাৰত পেৰেডৰ অনুশীলন কৰা হয় ৷
Site Admin | January 23, 2025 1:19 PM | Republic Day