ডাউনলোড
মোবাইল এপ

android apple
signal

January 25, 2025 8:32 PM | 76th Republic Day

printer

৭৬ সংখ্যক গণৰাজ্য দিৱসত এইবাৰ ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি মুখ্য অতিথি হিচাপে উপস্থিত

সমগ্র দেশে কাইলৈ ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে নতুন দিল্লীৰ কৰ্তব্য পথত এই দিৱস উদযাপনত ৰাষ্ট্ৰক নেতৃত্ব দিব। ভাৰতৰ সাংস্কৃতিক বৈচিত্র্য, সামৰিক শক্তি, সংবিধান গ্ৰহণৰ ৭৫ বৰ্ষ সম্পূৰ্ণ হোৱা আৰু জনসাধাৰণৰ অংশগ্ৰহণৰ ওপৰত আলোকপাত কৰি কাইলৈ গণৰাজ্য দিৱসৰ কুচকাৱাজ প্ৰদৰ্শন কৰা হ’ব। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে এখন ঘোঁৰা বাগীৰে কৰ্তব্য পথত উপস্থিত হোৱাৰ পাছত সুৰক্ষা বাহিনীসমূহৰ সামৰিক অভিবাদন গ্ৰহণ কৰিব। ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্রবোৱো ছুবিয়াণ্টো এইবাৰ এই দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। এই কুচকাৱাজত ইণ্ডোনেছিয়াৰ ১৬০ গৰাকী সদস্যৰ এটা দল আৰু ১৯০ গৰাকী সদস্যৰ আন এটা দলে অংশ ল’ব। স্বর্ণিম ভাৰত : ঐতিহ্য আৰু উন্নয়ন বিষয়বস্তুৰে সাজি উলিওৱা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ লগতে বিভিন্ন মন্ত্ৰ্যালয় আৰু বিভাগৰ ৩১ টা প্রতীকপট এই গণৰাজ্য দিৱসৰ কুচকাৱাজত অন্তৰ্ভুক্ত হ’ব। এই অনুষ্ঠানলৈ দেশৰ বিভিন্ন ক্ষেত্ৰৰ পৰা উল্লেখনীয় বৰঙণি আগবঢ়োৱা ভালেসংখ্যক ব্যক্তিক আমন্ত্রণ জনোৱা হৈছে। ৩৪টা শাখাত দেশৰ বিভিন্ন প্ৰান্তৰ ১০ হাজাৰ বিশেষ অমন্ত্রিত অতিথিয়ে এই অনুষ্ঠানত অংশ ল’ব।

অধিক পঢ়ক

সকলো চাওক