কাইলৈ দেশৰ ৭৬ সংখ্যক গণৰাজ্য দিৱস। সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্ততো গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। দেশৰ এই ঐতিহাসিক ক্ষণত যাতে কোনোধৰণৰ কুটাঘাতমূলক ঘটনা সংঘটিত হ’ব নোৱাৰে তাৰ বাবে আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা গঢ়ি তুলিছে। ৰে’ল আৰক্ষীয়েও ৰে’ললাইনসমূহত সতর্ক দৃষ্টি ৰাখিছে। গুৱাহাটীৰ খানাপাৰাৰ অসম পশুপালন আৰু পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত হ’বলগীয়া কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যই কাইলৈ পুৱা ৯ বজাত আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰিব।
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কাইলৈ ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰিব। এই অনুষ্ঠানত কাইলৈ পুৱা ৬ বজাত দেশপ্ৰেমমূলক গীতৰ প্ৰচাৰেৰে গণৰাজ্য দিৱসৰ কাৰ্যসূচী আৰম্ভ হ’ব। ইয়াৰ পাছতে প্রভাত ফেৰী, ব্যক্তিগত বাসগৃহত ৰাষ্ট্ৰীয় পতাকা উন্মোচন, চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান, ব্যৱসায়িক প্রতিষ্ঠান আৰু অন্যান্য ৰাজহুৱা স্থানত ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰা হ’ব। পুৱা চাৰে ৮ বজাত মুখ্যমন্ত্রী ড° শৰ্মাই থানা চাৰিআলিত থকা জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰিব। পুৱা ৮ বাজি ৫৫ মিনিটত ছহিদ তৰ্পণ আৰু ৯ বজাত মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰিব। ইয়াৰ পাছতে অন্যান্য কার্যসূচীসমূহ অনুষ্ঠিত হ’ব।
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে দৰঙত, কৃষিমন্ত্ৰী অতুল বৰাই শিৱসাগৰত, ৰাজহ মন্ত্ৰী কেশৱ মহন্তই বঙাইগাঁৱত, হস্ততাঁত আৰু বস্ত্র শিল্প মন্ত্রী উর্খাও গৌড়া ব্ৰহ্মই চিৰাঙত, বন আৰু পৰিবেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কামৰূপত, শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে ধেমাজিত, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী অশোক সিংহলে নগাঁৱত, পৰিবহণ মন্ত্ৰী যোগেন মহনে মাহমৰা সমজিলাত, বিত্ত মন্ত্রী অজন্তা নেওগে গোলাঘাটত, জলসম্পদ মন্ত্রী পীযুষ হাজৰিকাই শোণিতপুৰত, উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বৰাই যোৰহাটত, জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই নলবাৰীত, ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্রী নন্দিতা গালোছাই বৰপেটাত, শক্তি মন্ত্ৰী প্ৰশান্ত ফুকনে তিনিচুকীয়াত, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী কৌশিক ৰায়ে কাছাৰত, পশুপালন মন্ত্রী কৃষ্ণেন্দু পালে শ্রীভূমিত, শ্রমিক কল্যাণ মন্ত্ৰী ৰূপেশ গোৱালাই লখিমপুৰত, বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য কোকৰাঝাৰত, কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ডিফুত, ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গার্লোছাই হাফলঙত, বি টি আৰৰ উপ-মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে ওদালগুৰিত আৰু অসম বিধানসভাৰ উপাধ্যক্ষ নোমল মমিনে গোৱালপাৰাত ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰিব ৷ একেদৰে তিনিচুকীয়া জিলাতো গণৰাজ্য দিৱসৰ প্ৰস্তুতি পূৰ্ণ গতিত চলিছে। গণৰাজ্য দিৱসৰ সৈতে সংগতি ৰাখি জিলাখনত আগতীয়াকৈ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্রাংকন, কুইজ, ৰচনা আৰু শ্লোগান লিখা প্রতিযোগিতাৰ আয়োজন কৰা হৈছে।
গুৱাহাটী উচ্চ ন্যায়ালয়তো কাইলৈ ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হ’ব। মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয়ে পুৱা ৮ বজাত ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ চৌহদতো কাইলৈ গণৰাজ্য দিৱস উপলক্ষে ত্ৰিৰংগ পতাকা উন্মোচন কৰা হ’ব। আকাশবাণী গুৱাহাটীৰ অভিযান্ত্ৰিক শাখাৰ উপ-সঞ্চালকপ্ৰধান ৱালিউল্লাহ খানে ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰিব।
গণৰাজ্য দিৱস উপলক্ষে গুৱাহাটী মহানগৰীত নিৰাপত্তাকে ধৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইতিমধ্যে জিলাসমূহত গণৰাজ্য দিৱসত হ’বলগীয়া কুচকাৱাজৰ অনুশীলন সম্পূৰ্ণ হৈছে।
গুৱাহাটী আৰু ডিব্ৰুগড়ৰ উপৰি ভালেমান জিলাত আজি বিয়লি প্ৰাক-গণৰাজ্য দিৱসৰ কুচকাৱাজ অনুষ্ঠিত হয়। গুৱাহাটী মহানগৰীত আজি অসম আৰক্ষীৰ উদ্যোগত প্ৰাক গণৰাজ্য দিৱসৰ বিশেষ কুচকাৱাজ অনুষ্ঠিত হয়। অসম চৰকাৰৰ মুখ্য সচিব ড° ৰবি কোটাই আনুষ্ঠানিকভাৱে এই কুচকাৱাজৰ শুভাৰম্ভ কৰে।