৭৬ সংখ্যক গণৰাজ্য দিৱসত নতুন দিল্লীৰ কৰ্তব্য পথত কাইলৈ হ’বলগীয়া কুছকাৱাজ, প্রতীকপট শোভাযাত্ৰা আৰু সাংস্কৃতিক কাৰ্যসূচীসমূহ আকাশবাণী আৰু দূৰদৰ্শনে পোনপটীয়াকৈ প্ৰচাৰ কৰিব। পুৱা ৯ বাজি ৪০ মিনিটৰ পৰা হ’বলগীয়া এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কযোগে প্ৰচাৰিত হোৱাৰ লগতে প্ৰচাৰ ভাৰতীৰ অ’, টি.টি. প্লেটফৰ্ম ৱেভযোগেও প্ৰচাৰিত হ’ব। প্ৰচাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া গৌৰৱ দ্বিবেদীয়ে প্ৰকাশ কৰা অনুসৰি দূৰদৰ্শনে এই অনুষ্ঠানৰ পোনপটীয়া প্ৰচাৰৰ বাবে পোনপ্ৰথমবাৰৰ বাবে 4K কেমেৰা আৰু আন আনুসংগিক সৰঞ্জাম ব্যৱহাৰ কৰিব। ইয়াৰ ফলত এই অনুষ্ঠানৰ মান পূৰ্বৰ তুলনাত আঠ গুণ উন্নত হ’ব বুলি শ্ৰীদ্বিবেদীয়ে প্ৰকাশ কৰে।
এইবাৰ নতুন দিল্লীৰ গণৰাজ্য দিৱসৰ কুচকাৱাজত অসমৰ প্রতীকপট নাথাকিব যদিও বিশ্ব ঐতিহ্যক্ষেত্ৰ চৰাইদেউ মৈদাম, পৰম্পৰাগত নৃত্য, জাপি, গঁড় আদি প্ৰতীকি ৰূপত লালকিল্লাত প্ৰদৰ্শন কৰা হ’ব।