ডাউনলোড
মোবাইল এপ

android apple
signal

January 25, 2025 6:32 PM | Republic Day

printer

গণৰাজ্য দিৱসৰ নতুন দিল্লীত হ’বলগীয়া কাৰ্যসূচীলৈ ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকীও ব্যক্তিক আমন্ত্রণ

গণৰাজ্য দিৱসৰ কাইলৈ নতুন দিল্লীত হ’বলগীয়া কাৰ্যসূচীৰ বাবে ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকীও ব্যক্তিয়ে আমন্ত্রণ লাভ কৰিছে। ধুবুৰী জিলাৰ শালকোছাৰ ভেলুপাৰা দ্বিতীয় খণ্ড গাঁৱৰ নিৰেশ চন্দ্ৰ বৰ্মন আৰু শালকোছাৰ শ্ৰীগ্ৰামৰ আমজামুল আমিন নামৰ দুগৰাকী খেতিয়ক এই দিৱসৰ কাৰ্যসূচীলৈ আমন্ত্ৰিত হৈছে। দুয়োগৰাকী খেতিয়কে সমবায় সমিতিৰ জৰিয়তে ভালেসংখ্যক খেতিয়কক লগত লৈ অঞ্চলটোৰ কৃষিখণ্ডলৈ উল্লেখযোগ্য বৰঙণি আগবঢ়াইছে। কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ সুবিধা গ্ৰহণ কৰি নিজৰ বাসগৃহত সৌৰ শক্তিৰ দ্বাৰা বিদ্যুৎ উৎপাদনত সফলতা লাভ কৰা বৰপেটাৰ কল্যাণজিৎ দাস নামৰ ব্যক্তিগৰাকীও গণৰাজ্য দিৱসৰ কাৰ্যসূচীলৈ আমন্ত্ৰিত হৈছে। দিল্লীৰ গণৰাজ্য দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে শিৱসাগৰ জিলাৰ নাজিৰাৰ ৰজাবাৰী গাঁৱৰ জলজীৱন আঁচনিৰ সচিব দীপাংকৰ দিহিঙীয়াই আমন্ত্ৰণ লাভ কৰিছে। দীপাংকৰ দিহিঙীয়াৰ প্ৰচেষ্টাত ৰজাবাৰী অঞ্চলৰ ১৪৫ টা পৰিয়ালে নলযোগে বিশুদ্ধ খোৱাপানী নিজৰ ঘৰৰ পদুলিতে লাভ কৰিবলৈ সমৰ্থ হৈছে। শিৱসাগৰ জিলাৰ মৰাবজাৰ হাতীমূৰীয়া ঘৰফলীয়া বিশুদ্ধ খোৱাপানী আঁচনিৰ সভাপতি নবীন কিশোৰ গগৈয়েও দিল্লীৰ গণৰাজ্য দিৱসৰ বাবে আমন্ত্রণ লাভ কৰিছে।

অধিক পঢ়ক

সকলো চাওক