৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানতো পূৰ্ণ প্ৰস্তুতি চলিছে। গণৰাজ্য দিৱসৰ সময়ছোৱাত যাতে কোনোধৰণৰ কূটাঘাতমূলক ঘটনা সংঘটিত হ’ব নোৱাৰে তাৰ বাবে আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা গঢ়ি তুলিছে। খানাপাৰাৰ অসম পশুপালন আৰু পশু চিকিৎসালয় খেলপথাৰত হ’বলগীয়া কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই পতাকা উত্তোলন কৰিব। আনহাতে, পূর্ব নির্ধাৰিত ঘোষণা অনুসৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এইবাৰ ডিব্ৰুগড়ত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব। ৰাজ্য চৰকাৰৰ মন্ত্ৰীসভাৰ সদস্যসকলৰ লগতে আন আন সকলে পতাকা উত্তোলন কৰিবলগীয়া স্থান কালি মুখ্য সচিব ড° ৰবি কোটাই অধিসূচনাযোগে প্ৰকাশ কৰিছে। সেই অনুসৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে দৰঙত, কৃষিমন্ত্ৰী অতুল বৰাই শিৱসাগৰত, ৰাজহ মন্ত্ৰী কেশৱ মহন্তই বঙাইগাঁৱত, হস্ততাঁত আৰু বস্ত্ৰ শিল্প মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই চিৰাঙত, বন আৰু পৰিবেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কামৰূপত, শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে ধেমাজিত, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী অশোক সিংহলে নগাঁৱত, পৰিবহন মন্ত্রী যোগেন মহনে মাহমৰা সমজিলাত, বিত্ত মন্ত্রী অজন্তা নেওগে গোলাঘাটত, জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই শোণিতপুৰত, উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বৰাই যোৰহাটত, জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই নলবাৰীত, ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী নন্দিতা গালোছাই বৰপেটাত, শক্তি মন্ত্ৰী প্ৰশান্ত ফুকনে তিনিচুকীয়াত, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী কৌশিক ৰায়ে কাছাৰত, পশুপালন মন্ত্ৰী কৃষ্ণেন্দু পালে শ্রীভূমিত, শ্রমিক কল্যাণ মন্ত্ৰী ৰূপেশ গোৱালাই লখিমপুৰত, বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য কোকৰাঝাৰত, কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিসৰাম ৰংহাঙে ডিফুত, ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গালোছাই হাফলঙত, বি টি আৰৰ উপ-মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে ওদালগুৰিত আৰু অসম বিধানসভাৰ উপাধ্যক্ষ নোমল মমিনে গোৱালপাৰাত পতাকা উত্তোলন কৰিব।
ইপিনে, ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে গোৱালপাৰা জিলাত গণৰাজ্য দিৱসৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ কৰা হৈছে। জিলাখনৰ প্রশাসনে গোৱালপাৰা চহৰৰ জে টি এছ খেলপথাৰত গণৰাজ্য দিৱস পালন কৰিব। জিলাখনত গণৰাজ্য দিৱসৰ সময়ছোৱাত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। নদীপথৰ লগতে অসম-মেঘালয় সীমান্তৰ স্পৰ্শকাতৰ অঞ্চলসমূহতো প্রশাসনে তালাচী অব্যাহত ৰাখিছে। একেদৰে তিনিচুকীয়া জিলাতো গণৰাজ্য দিৱসৰ প্ৰস্তুতি পূর্ণ গতিত চলিছে। গণৰাজ্য দিৱসৰ সৈতে সংগতি ৰাখি জিলাখনত আগতীয়াকৈ বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীৰ মাজত চিত্রাংকন, কুইজ, ৰচনা আৰু শ্লোগান লিখা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।