May 29, 2024 12:29 PM | REMAL RED ALART

printer

ৰীমাল ঘূৰ্ণী বতাহৰ বাবে ৰাজ্যৰ কেইবাখনো জিলাত ৰেড এলাৰ্ট জাৰি, শিক্ষানুষ্ঠান বন্ধ ঘোষণা

ৰীমাল ঘূৰ্ণী বতাহৰ প্ৰভাৱত ৰাজ্যৰ কেইবাখনো জিলাত বৰষুণ হৈ আছে আৰু এই জিলাকেইখনত সতর্কতা জাৰি কৰা হৈছে। চিৰাং, গোৱালপাৰা, বাক্সা, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ জিলাত ৰেড এলার্ট জাৰি কৰাৰ বিপৰীতে ধুবুৰী, দক্ষিণ শালমাৰা, বঙাইগাঁও, বজালী, তামুলপুৰ, বৰপেটা, নলবাৰী, মৰিগাঁও, নগাঁও, হোজাই আৰু পশ্চিম কাৰ্বি আংলং জিলাত অ’ৰেঞ্জ এলার্ট জাৰি কৰা হৈছে। ইপিনে বিভিন্ন জিলা প্ৰশাসনে প্রতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি আজিও শিক্ষানুষ্ঠান বন্ধ ৰখাৰ কথা ঘোষণা কৰিছে। দুৰ্যোগৰ পৰিপ্ৰেক্ষিতত গোলাঘাট জিলাৰ সকলো শিক্ষানুষ্ঠান বন্ধ ৰখাৰ বাবে জিলা আয়ুক্তই নিৰ্দেশ জাৰি কৰে। যোৰহাট জিলাত ৰীমাল ঘূর্ণী বতাহৰ সম্ভাব্য প্রভাৱৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ স্বাৰ্থত জিলাখনৰ আয়ুক্তই কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি নদীসমূহত নাও, ফেৰী আদিৰ চলাচল নিষিদ্ধ কৰা হৈছে। কেৱল অত্যাৱশ্যকীয় বা উদ্ধাৰজনিত কাৰ্যৰ বাবেহে নাও বা ফেৰী চলাচল কৰিব পৰা যাব। আজি আৰু কাইলৈ নৈসমূহত মাছ ধৰা কাৰ্য বন্ধ কৰিবলৈও নিৰ্দেশ দিয়া হৈছে। তদুপৰি আজি জিলাখনৰ শিক্ষানুষ্ঠান আৰু অংগনৱাড়ী কেন্দ্ৰসমূহ বন্ধ ৰাখিবলৈও নিৰ্দেশ জাৰি কৰা হৈছে। ইপিনে, জিলা কৃষি বিষয়াই আজি কৃষকসকলক গো-ধনসমূহ চৰণীয়া পথাৰলৈ নিনিবলৈ নিৰ্দেশ দিছে। মাজুলী জিলাত ধুমুহা-বৰষুণৰ ফলত মাজুলী বৈদ্যুতিক উপ-সংমণ্ডলৰ অধীনৰ বহু অঞ্চলত বৈদ্যুতিক আন্তঃগাঁথনিৰ বিস্তৰ ক্ষতি হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত ভালেমান অঞ্চলত বিদ্যুৎ যোগান বিচ্ছিন্ন হৈ থাকিব বুলি প্ৰকাশ কৰা হৈছে। তদুপৰি বিদ্যুৎ বিভাগৰ তৰফৰ পৰা ধুমুহাত চিগি থকা বিদ্যুতৰ তাঁৰ স্পৰ্শ নকৰিবলৈ আৰু ওচৰেৰে নাযাবলৈ আহ্বান জনোৱা হৈছে। ইয়াৰ বাবে জিলাখনত কেইবাটাও নিয়ন্ত্রণ কক্ষৰ নম্বৰ মুকলি কৰা হৈছে। তিনিচুকীয়া জিলা প্রশাসনে গুইজান ঘাট আৰু শদিয়াৰ অমৰপুৰ দিবাং ঘাটত দুদিনৰ বাবে নাও চলাচল বন্ধ ঘোষণা কৰিছে। পশ্চিম কাৰ্বি আংলঙৰ ডংকামকাম ৰাজহ চক্ৰৰ কেইবাটাও অঞ্চল ধাৰাষাৰ বৰষুণত প্লাবিত হৈছে বুলি জানিব পৰা গৈছে।

ডিমা হাছাও জিলাৰ হাফলঙত ধাৰাষাৰ বৰষুণৰ ফলত হোৱা ভূমিস্খলন আৰু বানে স্বাভাৱিক জীৱন যাত্রা ব্যাহত কৰিছে। জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জিলাখনৰ সকলো শিক্ষানুষ্ঠান আজিও বন্ধ ৰখাৰ নিৰ্দেশ দিছে। তদুপৰি জনসাধাৰণক বিশেষ প্রয়োজন নহ’লে ঘৰতে থকাৰ লগতে সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে। ইয়াৰ লগতে লোকনির্মাণ, কৃষি, এ পি ডি চি এল, জলসিঞ্চন, ভূমি সংৰক্ষণ, পশুপালন আৰু পশু চিকিৎসা বিভাগকে ধৰি সংশ্লিষ্ট বিভাগসমূহলৈও উচ্চ সতর্কতা জাৰি কৰা হৈছে। ইপিনে, জাতিংগা-হাৰাংগাজাও সংযোগী পথেৰে অহা ১ জুনপর্যন্ত গধুৰ বাণিজ্যিক বাহনৰ চলাচল নিষিদ্ধ কৰা হৈছে। জিলাখনত ভূমিস্খলনৰ ফলত ভালেসংখ্যক বাসগৃহৰ ক্ষতি হৈছে।

কাছাৰ জিলাত প্ৰতিকূল বতৰৰ বাবে স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈছে। শিলচৰৰ বিভিন্ন অঞ্চলত আবদ্ধ পানীয়ে বানৰ সৃষ্টি কৰিছে। আনহাতে, আজি জিলাখনৰ শিক্ষা প্ৰতিষ্ঠানসমূহ বন্ধ ৰখাৰ বাবে নিৰ্দেশ দিয়া হৈছে।

অধিক পঢ়ক

সকলো চাওক